নেশ্যনেল ডেস্ক,৩১ ডিচেম্বৰ :গুজৰাটত শোকাৱহ পথ দুৰ্ঘটনা (Gujarat accident)। শনিবাৰে পুৱতি নিশা নৱসাৰী জিলাৰ ভেচমা গাঁৱৰ সমীপত এখন যাত্ৰীবাহী বাছ আৰু এখন চাৰিচকীয়া বিলাসী বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাটোত ৯ গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে (9 killed in Gujarat accident)। দুৰ্ঘটনাটোত ৩০ জনৰো অধিক লোক আহত হয় । আহতসকলক নৱসাৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।
উল্লেখ্য যে দেশৰ ভিন্ন প্ৰান্তত শেহতীয়াকৈ প্ৰচণ্ড শীত আৰু ডাঠ কুঁৱলীৰ বাবে বহু পথ দুৰ্ঘটনা সংঘটিত হোৱা দেখা গৈছে । শুকুৰবাৰে ভাৰতীয় ক্ৰিকেটাৰ ঋষভ পণ্ট দুৰ্ঘটনাত পতিত হোৱাৰ পাছতে এইবাৰ গুজৰাটৰ ৪৮ নং ৰাষ্ট্ৰীয় ঘাইপথতো ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে (Rishabh Pant car accident)। দুৰ্ঘটনাটো ইমানে ভয়ংকৰ আছিল যে দুৰ্ঘটনাগ্ৰস্ত চাৰিচকীয়া বিলাসী বাহনখনত থকা ৮ গৰাকীকৈ লোকৰ থিতাতে মৃত্যু হয় । বাছখনৰ চালকজনৰো মৃত্যু হয় ।
জানিব পৰা মতে বাছ চালকজন হৃদৰোগত আক্ৰান্ত হৈছিল । যাৰ বাবে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি একাংশ লোকে দাবী কৰিছে । চালকজনক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও তেওঁৰ মৃত্যু হয় ।
আনহাতে দুৰ্ঘটনাটোৰ সময়ত দ্ৰুতবেগী বিলাসী বাহনখনে ডিভাইডাৰত খুন্দা মাৰি বিপৰীত দিশৰ পথত পৰিছিল । দুৰ্ঘটনাটোত বাহনখনৰ ভিতৰত থকা ৮ জনকৈ যুৱকৰ ঘটনাস্থলীতে মৃত্যু হয় । প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে বিলাসী বাহনখনত থকা যুৱকসকল ভাৰুচৰ বাসিন্দা আছিল । আনহাতে বাহনখনত থকা এজন লোক গুৰুতৰভাৱে আহত হয় আৰু তেওঁক চুৰাটৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।