নেশ্যনেল ডেস্ক, 19 জুলাই :উত্তৰাখণ্ডত মৰ্মান্তিক ঘটনা ৷ চামোলী জিলাৰ অলকানন্দা নদীৰ পাৰত ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে ৷ দুৰ্ঘটনাটোৰ ফলত চামোলী জিলাৰ নমামি গংগা প্ৰকল্পস্থলীত বহু লোক বিদ্যুৎস্পৃষ্ট হোৱাৰ আশংকা প্ৰকাশ কৰিছে । বিদ্যুৎস্পৃষ্ট হোৱাৰ ফলত কমেও 15 জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হয় বুলি জানিবলৈ পৰা গৈছে ।
15 জন লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱাৰ লগতে একে সময়তে বহু লোকক জুয়ে পোৰাৰ তথ্যও পোৱা গৈছে । আহতসকলক পিপালকোটি চিকিৎসালয়লৈ লৈ যোৱা হৈছে বুলি জানিবলৈ পৰা গৈছে । ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত আৰক্ষী আৰু উদ্ধাৰকাৰী দল । দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামিয়ে ।
ঘটনা সংঘটিত হোৱাৰ পিচতে ঘটনাস্থলীত আৰক্ষীৰ লগতে উদ্ধাৰকাৰী দল উপস্থিত হয় ৷ জিলাখনৰ আৰক্ষী অধীক্ষক চামোলী পৰমেন্দ্ৰ ডোভালে ঘটনা প্ৰসংগত কয় , "চামোলি জিলাৰ অলকানন্দা নদীৰ পাৰত ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণৰ ফলত 10 জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত । আহতসকলক জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।"