নিউজ ডেস্ক, 7 নৱেম্বৰ: দুৰ্নীতি নিবাৰক শাখা ( ACB) ৰ বিষয়া সকলে শনিবাৰে বাংগালুৰুত কৰ্ণাটক প্ৰশাসনিক সেৱাৰ বিষয়া সুধাৰ বাসগৃহ সহিতে অন্য ছটাকৈ স্থানত তালাচী চলায় ৷ এই তালাচী অভিযানত দুৰ্নীতি নিবাৰক শাখাই বৃহৎ পৰিমাণৰ সোণৰ অলংকাৰ জব্দ কৰে ৷
দুৰ্নীতি নিবাৰক শাখাৰ বিষয়া সকলৰ মতে, এগৰাকী লোকে বিষয়াজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল ৷ উক্ত অভিযোগত কোৱা হৈছিল যে, প্ৰশাসনিক সেৱাৰ বিষয়াজনৰ ওচৰত আয়তকৈ অধিক মাত্ৰাত সম্পত্তি জমা আছে ৷ উক্ত অভিযোগৰ ভিত্তিতে এ.চি.বিয়ে তদন্ত আৰম্ভ কৰে আৰু বিভিন্ন স্থানত অভিযান চলায় ৷ অভিযানত বৃহৎ পৰিমাণৰ আ-অলংকাৰ, কেবা লক্ষাধিক টকা জব্দ কৰিবলৈ সক্ষম হয় ৷