নিউজ ডেস্ক, 10 ছেপ্টেম্বৰ: অন্ধ্ৰপ্ৰদেশৰপ্ৰাক্তন মুখ্যমন্ত্ৰী, টিডিপিৰ মুৰব্বী চন্দ্ৰবাবুনাইডুক ১৪ দিনৰ ৰিমাণ্ড । খবৰ অনুসৰি তেওঁক ৰাজহমুন্দ্ৰী কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ যোৱা হ’ব ৷ চলিত মাহৰ ২২ তাৰিখলৈকে ৰিমাণ্ডত থাকিব টিডিপিৰ মুৰব্বীগৰাকী । স্কীল ডেভেলপমেণ্ট কেলেংকাৰিৰ অভিযোগত শনিবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল নাইডুক ৷
উল্লেখযোগ্য যে, দক্ষতা বিকাশ নিগমৰ কেলেংকাৰী সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা তেলেগু দেশম পাৰ্টিৰ (টিডিপি) মুৰব্বী এন চন্দ্ৰবাবু নাইডুক দেওবাৰে পুৱা বিজয়ৱাড়াৰ দুৰ্নীতি বিৰোধী ব্যুৰ' (এচিবি) আদালতত হাজিৰ কৰোৱা হৈছিল ৷ গ্ৰেপ্তাৰ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰতে আদালতত হাজিৰ কৰোৱা হয় টিডিপিৰ মুৰব্বী চন্দ্ৰবাবুনাইডুক । আদালতত হাজিৰ কৰোৱাৰ পূৰ্বে তেওঁক স্বাস্থ্য পৰীক্ষাৰ বাবে বিজয়ৱাড়া চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ পাছত তেওঁক এছআইটি কাৰ্যালয়লৈ লৈ যোৱা হয় ৷
শনিবাৰে অন্ধ্ৰপ্ৰদেশ অপৰাধ অনুসন্ধান শাখাই (চিআইডি) দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল টিডিপিৰ মুৰব্বী চন্দ্ৰবাবুনাইডুক ৷ সূত্ৰ অনুসৰি অন্ধ্ৰপ্ৰদেশত উৎকৰ্ষ কেন্দ্ৰৰ (চি.ও.ই.) গোট স্থাপনৰ সৈতে জড়িত এই গোচৰ ৷ এই আঁচনিৰ মুঠ আনুমানিক প্ৰকল্প মূল্য আছিল ৩,৩০০ কোটি টকা ৷ সংস্থাটোৰ বিষয়াসকলে দাবী কৰা মতে এই প্ৰৱঞ্চনাৰ দ্বাৰা ৰাজ্য চৰকাৰৰ ৩০০ কোটি টকাৰো অধিক ক্ষতি হৈছে ৷ চিআইডিৰ তদন্তত গুৰুতৰ অনিয়মৰ কথা প্ৰকাশ পাইছে ৷