অসম

assam

ETV Bharat / bharat

PMAY আঁচনিৰ অধীনত ত্ৰিপুৰালৈ কেন্দ্ৰীয় চৰকাৰৰ ১.৫৯ লাখ ঘৰৰ আবণ্টন - ত্ৰিপুৰাৰ গ্ৰামোন্নয় মন্ত্ৰী তথা উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মা

ত্ৰিপুৰাৰ গ্ৰামাঞ্চলৰ লোকৰ বাবে সুখবৰ । প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰাম্য আঁচনিৰ অধীনত ত্ৰিপুৰালৈ প্ৰায় ২ লাখ ঘৰ আবণ্টন দিছে কেন্দ্ৰীয় চৰকাৰে । সঠিক সময়ত হিতাধিকাৰীক ঘৰৰ আবণ্টন দিবলৈ নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে ।

pmay scheme
PMAY আঁচনিৰ অধীনত ত্ৰিপুৰালৈ কেন্দ্ৰীয় চৰকাৰৰ ঘৰ আবণ্টন

By

Published : Sep 4, 2021, 5:38 PM IST

আগৰতলা,৪ ছেপ্তেম্বৰ :কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰাম্য আঁচনিৰ (Pradhan Mantri Awas Yojana Rural scheme) অধীনত ১.৫৯ লাখ লোকক নতুন ঘৰ আবন্টন দিয়াৰ বাবে মঞ্জুৰি প্ৰদান কৰিছে । ত্ৰিপুৰা চৰকাৰক ২০২১-২২ বিত্তীয় বৰ্ষৰ ভিতৰত হিতাধিকাৰী নিৰ্বাচন আৰু ঘৰ বিতৰণৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে । এক প্ৰেছ বিজ্ঞপ্তিযোগে ত্ৰিপুৰাৰ গ্ৰামোন্নয় মন্ত্ৰী তথা উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মাৰ (Jishnu Dev Varma) কাৰ্যালয়ে এই কথা ঘোষণা কৰে । লগতে কোৱা হৈছে যদিহে ত্ৰিপুৰা চৰকাৰে সময়মতে এই লক্ষ্যত উপনীত হ'ব পাৰে তেনেহ'লে ত্ৰিপুৰাই আৰু অধিক আঁচনিৰ সুবিধা লাভ কৰিব ।

উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে (Giriraj Singh) ত্ৰিপুৰা ভ্ৰমণৰ সময়ত ৰাজ্যখনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰিছে লগতে তেওঁলোকৰ অধীনত থকা আঁচনিৰসমূহৰো পৰ্যালোচনা কৰিছে ।ইফালে এই আঁচনি সময়মতে সম্পূৰ্ণ কৰিব পাৰিলে ত্ৰিপুৰাৰ বাবে অধিক ঘৰ আৱণ্টন কৰাৰো ইচ্ছা প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে । বিবৃতিটোত লগতে কোৱা হৈছে যে ত্ৰিপুৰাৰ গ্ৰামাঞ্চলৰ বাবে ই অতি গুৰুত্বপূৰ্ণ আৰু আশাৰ খবৰ ।

প্ৰকাশিত তথ্য অনুসৰি, ৫ ছেপ্টেম্বৰত ঘৰৰ বাবে পৰৱৰ্তী অনুমোদন দিয়া হ'ব । নিৰ্ধাৰিত নিৰ্দেশনা অনুসৰি নিৰ্বাচিত হিতাধিকাৰীসকলে তেওঁলোকৰ ঘৰ নিজে নিৰ্মাণ কৰিব লাগিব । প্ৰথম কিস্তিত, হিতাধিকাৰীসকলে ৪৮,৪৬০ টকা লাভ কৰিব ।

দ্বিতীয়টো কিস্তিত নিৰ্বাচিত হিতাধিকাৰীয়ে লিণ্টাৰলৈ ঘৰটো নিৰ্মাণ কৰাৰ পিছতহে ৫০,০০০ টকা লাভ কৰিব । তৃতীয় আৰু অন্তিম কিস্তিত ঘৰৰ চাল সম্পূৰ্ণ হ'লেহে ৩২,০০০ টকা দিয়া হ'ব । বিবৃতিত লগতে কোৱা হৈছে যে হিতাধিকাৰীয়ে এমজিএনৰেগাৰ (MGNREGA) অধীনত প্ৰতিদিনে ২১২ টকা হাৰত সৰ্বাধিক ৯৫ দিনৰ বাবে কাম লাভ কৰিব ।

লগতে সূতৰ হাৰ ৯ শতাংশত ৭০,০০০ টকাৰ ঋণ লাভ কৰাৰো ব্যৱস্থা কৰা হৈছে । বিবৃতিত উল্লেখ কৰা মতে ঘৰৰ উপৰিও কেইবাটাও আৰডি আঁচনিৰ (RD schemes) জৰিয়তে মানুহে লাভ কৰিব পৰা অন্যান্য লাভালাভৰ ভিতৰত আছে পকী শৌচালয়, ৰন্ধন গেছ , বিদ্যুৎ আৰু খোৱাপানীৰ সংযোগ (portable water connectivity) ইত্যাদি ।

লগতে পঢ়ক :কংগ্ৰেছৰ ৭ জনীয়া সমিতিয়ে অধ্যয়ন কৰিব জাতিগত লোকপিয়ল

ABOUT THE AUTHOR

...view details