অসম

assam

ETV Bharat / bharat

শস্য বীমাৰ অধীনলৈ ত্ৰিপুৰাৰ প্ৰায় ৮ লাখ কৃষক : কৃষি মন্ত্ৰী - Budget session of Tripura Assembly

ত্ৰিপুৰাৰ প্ৰায় ৮ লাখ কৃষকক শস্য বীমাৰ অধীনলৈ অনা হৈছে (About 8 lakh farmers of Tripura under crop insurance)। চৰকাৰে প্ৰধানমন্ত্ৰীৰ কিষাণ সন্মাননিধি যোজনাৰ অধীনত ২০২২ চনৰ ১৮ মাৰ্চলৈকে ৰাজ্যখনৰ ২,৩৮,৫২২ গৰাকী কৃষকৰ বেংক একাউণ্টত ৪০৭.১৯ কোটি টকা জমা কৰিছে । বিধানসভাৰ অধিৱেশনৰ মাজতে এই তথ্য দাঙি ধৰিলে ত্ৰিপুৰাৰ কৃষি মন্ত্ৰী প্ৰাণজিৎ সিংহ ৰয়ে ।

Agriculture minister
শস্য বীমাৰ অধীনলৈ ত্ৰিপুৰাৰ প্ৰায় ৮ লাখ কৃষক

By

Published : Mar 23, 2022, 12:53 PM IST

আগৰতলা,২৩ মাৰ্চ :ত্ৰিপুৰাত চলি আছে বিধানসভা অধিৱেশন (Budget session of Tripura Assembly)। অধিৱেশনৰ তৃতীয় দিনা মঙলবাৰে কৃষকৰ কল্যাণৰ প্ৰসংগ উত্থাপন কৰে বিৰোধী চিপিআই(এম)ৰ বিধায়ক ৰতন কুমাৰ ভৌমিকে । ভৌমিকৰ এক প্ৰশ্নৰ উত্তৰত ত্ৰিপুৰাৰ কৃষি মন্ত্ৰী প্ৰাণজিৎ সিংহ ৰয়ে কয় যে চৰকাৰে প্ৰধানমন্ত্ৰীৰ কিষাণ সন্মাননিধি যোজনাৰ অধীনত ২০২২ চনৰ ১৮ মাৰ্চলৈকে ৰাজ্যখনৰ ২,৩৮,৫২২ গৰাকী কৃষকৰ বেংক একাউণ্টত ৪০৭.১৯ কোটি টকা জমা কৰিছে ।

কৃষি মন্ত্ৰীগৰাকীয়ে কয় যে ২০১৯-২০ বৰ্ষত ৰাজ্যখনৰ ৩৬,০০৪ গৰাকীক, ২০২০-২১ বৰ্ষত ২,৬৪,৪৫৯ গৰাকীক আৰু ২০২১-২২ বৰ্ষত ৩,৩৯,৮৯৪ গৰাকী কৃষকক কৃষক শস্য বীমাৰ অধীনত সুবিধা প্ৰদান কৰা হৈছে । অৰ্থাৎ, যোৱা তিনি বছৰত ৰাজ্যখনৰ বীমাকৃত কৃষকৰ মুঠ সংখ্যা হৈছে ৮ লাখ ৪০ হাজাৰ ৩৫৭ গৰাকী (About 8 lakh farmers of Tripura under crop insurance) । ৰাজ্যৰ কৃষকসকলৰ কল্যাণৰ বাবে বিজেপি নেতৃত্বধীন চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক :অহা ২ এপ্ৰিলত আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয় ঘেৰাও কৰিব ত্ৰিপুৰা কংগ্ৰেছে

For All Latest Updates

ABOUT THE AUTHOR

...view details