নিউজ ডেস্ক, 22 ফেব্ৰুৱাৰী :পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জীৰ পত্নী ৰুজিৰা বেনাৰ্জীয়ে তেওঁলোকৰ বাসগৃত তালাচীৰ বাবে উপস্থিত চিবিআইৰ বিষয়াক মঙলবাৰে দল প্ৰেৰণৰ বাবে অনুৰোধ জনায় ৷ উল্লেখ্য যে, ৰাজ্যখনত কয়লা সৰৱৰাহৰে জড়িত থকাৰ সন্দেহত চিবিআইৰ দলে সাংসদ গৰাকীৰ বাগৃহত তালাচীৰ চলোৱাৰ বাবে উপস্থিত হৈছিল ৷
দেওবাৰে চিবিআইয়ে ৰুজিৰা বেনাৰ্জীকো অনুসন্ধান কাৰ্যত সহযোগ আগবঢ়াবলৈ কৈছিল ৷ সেই উদ্দেশ্যে সোমবাৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভতিজাক তথা দলটোৰ নেতা অভিষেক বেনাৰ্জীৰ বাসগৃত চিবিআইয়ে তালাচী চলোৱাৰ বাবে উপস্থিত হৈছিল ৷ কিন্তু সেই সময়ত ঘৰত উপস্থিত নাছিল তেওঁৰ পত্নী ৰুজিৰা বেনাৰ্জী ৷