অসম

assam

ETV Bharat / bharat

Tripura Violence: ত্ৰিপুৰাত সম্পূৰ্ণৰূপে জংঘলৰাজ চলাৰ অভিযোগ অভিষেক বেনাৰ্জীৰ

সোমবাৰে ত্ৰিপুৰাত উপস্থিত হৈছে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জী (Abhishek Banerjee arrives in Tripura) ৷ ত্ৰিপুৰা আইন-শৃংখলা (law and order in Tripura)পৰিস্থিতি বিঘ্নিত হোৱাৰ অভিযোগ বেনাৰ্জীৰ ৷

Vid_Agartala_Tripura_AbhishekBanerjee_10002
Abhishek Banerjee arrives in Tripura: ত্ৰিপুৰাত বিঘ্নিত হৈছে আইন-শৃংখলা

By

Published : Nov 22, 2021, 1:38 PM IST

আগৰতলা, 22 নৱেম্বৰ :তৃণমূল কংগ্ৰেছৰ যুৱ মৰ্চা (Youth Trinamool Congress)ৰ সভাপতি সায়নী ঘোষক গ্ৰেপ্তাৰৰ এদিন পিছতে ত্ৰিপুৰাত উপস্থিত সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জী (AITC general secy Abhisek banarjee) ৷ আগৰতলা বিমানবন্দৰত উপস্থিত হৈয়ে ত্ৰিপুৰাৰ আইন-শৃংখলা পৰিস্থিতি( Law & order situation at Tripura)ক লৈ মন্তব্য অভিষেক বেনাৰ্জীৰ ৷

তেওঁ কয় যে, "ত্ৰিপুৰাত সম্পূৰ্ণৰূপে জংঘলৰাজ (jungleraj at Tripura) চলিছে ৷ বাতৰি সংগ্ৰহৰ সময়তেই আৰক্ষীৰ আক্ৰমণৰ সন্মুখীন হৈছে সাংবাদিকসকল ৷ আইন-শৃংখলা (law and order) সম্পূৰ্ণৰূপে বিঘ্নিত হৈছে ৷ তেওঁলোকে তৃণমূল কংগ্ৰেছক এনেদৰে ৰোধ কৰিব নোৱাৰে ৷ মই মুখ্যমন্ত্ৰী বিপ্লৱ দেৱক ক’বলৈ বিচাৰো যদি তেওঁ নিজৰ খং দেখুৱাবলৈ বিচাৰিছে তেন্তে তেওঁ মোৰ ওপৰত খং দেখুৱাব পাৰে, ত্ৰিপুৰাৰ লোকসকলে কিহৰ বাবে ইয়াৰ সন্মুখীন হ’বলগীয়া হৈছে ৷"

অভিষেক বেনাৰ্জীৰ মন্তব্য

ৰাজ্যখনৰ অৱস্থা অতি বেয়া বুলি উল্লেখ কৰি অভিষেক বেনাৰ্জীয়ে লগতে কয়, যেতিয়াই মই ত্ৰিপুৰালৈ আহো তেওঁলোকে (বিজেপি) মোক বাধা প্ৰদান কৰে ৷ প্ৰায় 12.30 বজাত মহকুমা আৰক্ষী বিষয়া (SDPO)ই মোক জনায় যে, আমি ৰেলী অনুস্থিত কৰিব নোৱাৰো ৷ ইয়াৰ বিপৰীতে আমি ধৰ্ণা কাৰ্যসূচী হাতত ল’ব পাৰিম ৷ এয়া কেনেদৰে সম্ভৱ ?

তেওঁ আৰু কয়, TMC য়ে প্ৰায় 50 টাকৈ গোচৰ ৰুজু কৰিছে কিন্তু আৰক্ষীয়ে তৃণমূলৰ কৰ্মী আৰু প্ৰাৰ্থীক আক্ৰমণ কৰা এজনো অভিযুক্তক এই পৰ্যন্ত চমন জাৰি কৰা নাই ৷ আৰক্ষী, সাংবাদিক, প্ৰাৰ্থীসকলক আক্ৰমণ কৰা সকলো অপৰাধীয়ে মুক্ত আকাশৰ তলত বিচৰণ কৰি আছে ৷

উল্লেখ্য যে, সোমবাৰে পুৱাৰ ভাগতে আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰত উদ্ধাৰ কৰা হৈছিল এটা সন্দেহযুক্ত বেগ ৷ ইয়াৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় বোমা বিশেষজ্ঞ আৰু বিমানবন্দৰৰ সুৰক্ষাকৰ্মী ৷ অৱশ্যে অঞ্চলটোত কোনো বিস্ফোৰক সামগ্ৰী উদ্ধাৰ নোহোৱাৰ লগতে বিমানবন্দৰখনো সম্পূৰ্ণৰূপে ঘেৰাও কৰা বুলি বিশেষ সূত্ৰই জানিবলৈ দিছে ৷

লগতে পঢ়ক :alleged police brutality in Tripura : গৃহ মন্ত্ৰণালয়ৰ সন্মুখত TMC সাংসদৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details