স্পৰ্টছ ডেস্ক, 5 অক্টোবৰ: আম আদমী পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰাৰ পাচতেই দলীয় কৰ্মী আৰু জ্যেষ্ঠ নেতাসকলৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে । সঞ্জয় সিঙৰ মুক্তিৰ দাবীত বৃহস্পতিবাৰে বিজেপিৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত আপৰ কেইবা শতাধিক নেতা-কৰ্মী-সমৰ্থকে প্ৰতিবাদ সাব্যস্ত কৰে । আম আদমী পাৰ্টিৰ কাৰ্যালয়ৰ পৰা বিজেপিৰ মুখ্য কাৰ্যালয়লৈ পদযাত্ৰা কৰি অহাৰ সময়ত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰে ৷
আৰক্ষীৰ হস্তক্ষেপত অধিক উত্তাল হৈ পৰে প্ৰতিবাদকাৰীসকল ৷ আপৰ কৰ্মকৰ্তাসকলে বিভিন্ন শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে । দিল্লী চৰকাৰৰ মন্ত্ৰী আতিশীয়ে শাসকীয় বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কয়, আজি বিজেপিৰ একনায়কত্ববাদৰ কথা উদঙাই দিয়া হ’ব । এজন সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰিছে । আজি হাজাৰ হাজাৰ সঞ্জয় সিঙ ৰাজপথত সংবিধান বচাবলৈ ওলাই আহিব । একে সময়তে বিজেপিৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত আপ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে ।