অসম

assam

AAP leader Sanjay Singh slams PM : ভাৰতলৈ ড্ৰাগছ প্ৰেৰণ কৰা দেশলৈ ভাৰতৰ ঘেঁহু

By

Published : Mar 12, 2023, 9:16 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছে আপ নেতা সঞ্জয় সিঙে (Sanjay Singh slams PM Modi)। যিখন দেশে ভাৰতলৈ ড্ৰাগছৰ যোগান ধৰিছে সেই দেশলৈ প্ৰধানমন্ত্ৰীয়ে ২০,০০০ টন ঘেঁহু প্ৰেৰণ কৰিছে । বিৰোধী নেতাৰ বিৰুদ্ধে চৰকাৰৰ স্থিতিক লৈও প্ৰশ্ন সিঙৰ ।

AAP leader Sanjay Singh slams PM
ভাৰতলৈ ড্ৰাগছ প্ৰেৰণ কৰা দেশলৈ ভাৰতৰ ঘেঁহু

নেশ্যনেল ডেস্ক,১২ মাৰ্চ : বহু ৰাজ্যত বিৰোধী নেতাসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে । ইতিমধ্যে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাসমূহে বিৰোধী নেতাসকলৰ বিৰুদ্ধে অভিযান চলোৱাও দেখা গৈছে । যাৰ বাবে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক দোষাৰোপ কৰিছে বিৰোধী নেতাসকলে ।

এইবাৰ আম আদমি পাৰ্টীৰ সাংসদ তথা উত্তৰ প্ৰদেশৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় সিঙে দেওবাৰে সংবাদ মাধ্যমৰ সন্মুখত বিভিন্ন ৰাজ্যৰ বিৰোধী দলৰ নেতাসকলৰ বিৰুদ্ধে দাখিল কৰা গোচৰৰ বাবে কেন্দ্ৰীয় চৰকাৰক গৰিহণা দিয়ে (Sanjay Singh slams PM Modi)। তেওঁ উল্লেখ কৰা মতে বিৰোধী নেতাসকলক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে কিন্তু গুজৰাটৰ ব্যৱসায়ীজন অৰ্থাৎ আদানিৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা হোৱা নাই ।

তেওঁ সংসদৰ অধিৱেশনত আদানি সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিব বুলি উল্লেখ কৰে (Sanjay Singh on Adani group)। আদানি গ্ৰুপৰ কেলেংকাৰীৰ বিৰুদ্ধে তেওঁ নিৰন্তৰ প্ৰতিবাদ সাব্যস্ত কৰি আছে আৰু এতিয়ালৈকে কেলেংকাৰীৰ ৩ টা অধ্যায় মুকলি কৰিছে বুলি উল্লেখ কৰে । তেওঁ অভিযোগ কৰা মতে ভাৰতলৈ ড্ৰাগছৰ যোগান ধৰা একেখন দেশলৈ প্ৰধানমন্ত্ৰীয়ে ঘেঁহু প্ৰেৰণ কৰিছে । নেতাগৰাকীৰ মতে মোডীৰ শ্ল'গান হৈছে 'আপুনি মোক ড্ৰাগছ দিয়ক, মই আপোনাক ঘেঁহু দিম'।

সাংসদ সঞ্জয় সিঙে অভিযোগ কৰা মতে আদানিৰ মুন্দ্ৰা বন্দৰত ৩০০০ কিলোগ্ৰাম হেৰ'ইন জব্দ কৰা হৈছিল । সেই ৩,০০০ কিলোগ্ৰাম হেৰ'ইনৰ মূল্য আছিল ২০,০০০ কোটি টকা । এই হেৰ'ইন তালিবানৰ পৰা আহিছিল । প্ৰধানমন্ত্ৰীয়ে তালিবানলৈ ২০,০০০ টন ঘেঁহু প্ৰেৰণ কৰিছে যিসকলে তেওঁলোকৰ দেশলৈ ২০,০০০ কোটি টকাৰ ড্ৰাগছ প্ৰেৰণ কৰিছে । সমগ্ৰ দেশ এই সন্দৰ্ভত নীৰৱ হৈ আছে । বিজেপি ভক্তসকলে প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰা উচিত বুলিও তেওঁ কয় ।

সাংসদজনে কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী গুজৰাটৰ, ভাৰতৰ গৃহ মন্ত্ৰী অমিত শ্বাহো গুজৰাটৰ । তেওঁলোকৰ বন্ধু আদানিও গুজৰাটৰ । সেই বন্ধু অৰ্থাৎ আদানিয়ে কোটি কোটি টকাৰ কেলেংকাৰী কৰিছে বুলি অভিযোগ কৰে সঞ্জয় সিঙে । নীৰৱ মোডী আৰু মেহুল চোকচিও গুজৰাটৰ । তেওঁলোকে ২২,০০০ কোটি টকাৰ বেংক কেলেংকাৰী কৰিছিল (Bank scam in India)।

প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশতে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ বিৰোধী নেতাসকলৰ বিৰুদ্ধে মোকৰ্দমা চলাই আছে । তেওঁ অভিযোগ কৰা মতে মৰিচাছত ভুৱা কোম্পানী স্থাপন কৰি ভাৰতত আদানিৰ কোম্পানীত ৪২ হাজাৰ কোটি টকা বিনিয়োগ কৰা হৈছিল (Sanjay Singh slams Adani)। সেই ৬ টা কোম্পানীৰ উপাৰ্জনৰ উৎস কি বুলি তেওঁ প্ৰশ্ন কৰে । চিবিআই বা ইডিৰ দ্বাৰা ৪২,০০০ কোটি টকাৰ ক'লা ধনৰ কোনো তদন্ত নহ'ল বুলিও তেওঁ উদ্বেগ প্ৰকাশ কৰে । কেৱল এয়াই নহয় চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰে নেতাগৰাকীয়ে ।

লগতে পঢ়ক :Paharganj Holi case : উৎপীড়নৰ সন্মুখীন হ'লেও ভাৰতক ভাল পায় জাপানী যুৱতীয়ে

ABOUT THE AUTHOR

...view details