অসম

assam

ETV Bharat / bharat

Sanjay Singh on ED remand: সাত দিনৰ বাবে ED ৰ জিম্মাত সাংসদ সঞ্জয় সিং - Delhi liquor scam updates

আপৰ সাংসদ সঞ্জয় সিঙৰ বিপদ বাঢ়িছে । দিল্লীৰ বহু চৰ্চিত সুৰা কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ হোৱা সিঙক আদালতে 7 দিনৰ বাবে ED ৰ জিম্মালৈ প্ৰেৰণ কৰিছে । সুৰা ব্যৱসায়ী দীনেশ অৰোৰাৰ সৈতে মধ্যভোগীৰ চৰিত্ৰ পালন কৰাৰ অভিযোগ সিঙৰ বিৰুদ্ধে ।

AAP MP Sanjay Singh arrested
AAP MP Sanjay Singh on ED remand

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 5:21 PM IST

নিউজ ডেস্ক, 5 অক্টোবৰ: দিল্লীৰ বহু বিতৰ্কিত সুৰা কেলেংকাৰিৰ গোচৰত প্ৰৱৰ্তক সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰা সঞ্জয় সিঙক বৃহস্পতিবাৰে আদালতত হাজিৰ কৰোৱা হয় ৷ অনুসন্ধানকাৰী সংস্থাটোৱে সঞ্জয় সিঙক 7 দিনৰ বাবে নিজৰ জিম্মাত বিচাৰি আদালতত আবেদন কৰে ৷ ইতিমধ্যে আদালতে এই আবেদন মঞ্জুৰ কৰাৰ লগে লগে ED য়ে জিম্মাত লৈছে সঞ্জয় সিঙক ৷ বুধবাৰে 10 ঘন্টাজোৰা জেৰাৰ অন্তত বিয়লি আপৰ সাংসদগৰাকীক গ্ৰেপ্তাৰ কৰিছিল ৷ ইয়াৰ পাচতেই আপৰ একাংশ কাৰ্যকৰ্তাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ED ৰ কাৰ্যালয়লৈ যোৱা পথত একাংশ আপৰ সদস্য শুই পৰাও দেখা যায় ৷

কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ৰাউজ এভিনিউ আদালতত হাজিৰ কৰোৱা সাংসদ সঞ্জয় সিঙে কয় যে, নিৰ্বাচনত পৰাস্ত হোৱাৰ পথত নৰেন্দ্ৰ মোদী । সেইবাবেই তেওঁ এই সকলোবোৰ কাম কৰাই আছে । এয়া নৰেন্দ্ৰ মোদীৰ অন্যায় । আদালতৰ বাহিৰত বিপুল জনসমাগম দেখি ED য়ে সিঙক দ্বিতীয় গেটেৰে ভিতৰলৈ লৈ যায় । আদালতৰ বাহিৰত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল ।

সঞ্জয় সিঙৰ বিৰুদ্ধে অভিযোগ : ED ৰ অভিযোগ মতে, সাংসদগৰাকীৰ নিৰ্দেশত সুৰা ব্যৱসায়ী দীনেশ অৰোৰাই বহু ৰেষ্টুৰেণ্টৰ মালিকৰ সৈতে কথা পাতি দিল্লীৰ আগন্তুক নিৰ্বাচনৰ বাবে দলৰ হৈ ধন সংগ্ৰহ কৰিছিল । আবকাৰী বিভাগৰ ওচৰত বিচাৰাধীন হৈ থকা অৰোৰাৰ এটা গোচৰ সিঙে সমাধান কৰা বুলিও অভিযোগ উত্থাপন হৈছে । ED য়ে গ্ৰেপ্তাৰ কৰা আপৰ তৃতীয়গৰাকী জ্যেষ্ঠ নেতা সঞ্জয় সিং । ইয়াৰ পূৰ্বে এই গোচৰত ফেব্ৰুৱাৰী মাহৰ পৰা কাৰাবাস খাটি আছে প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়া ।

লগতে পঢ়ক:AAP MP Sanjay Singh arrested: সুৰা কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ আপৰ সাংসদ সঞ্জয় সিং

ABOUT THE AUTHOR

...view details