অসম

assam

ETV Bharat / bharat

ৰাঘৱ চাড্ডাৰ নিলম্বন প্ৰত্যাহ্বাৰ ৰাজ্যসভাৰ অধ্যক্ষৰ - Parliament Winter Session

যোৱা বৰ্ষাকালীন অধিবেশনৰ সময়ত আপৰ সাংসদ ৰাঘৱ চাড্ডাক উচ্চ সদনৰ পৰা নিলম্বন কৰা হৈছিল । উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপৰ পাছতে সোমবাৰে তেওঁৰ নিলম্বন প্ৰত্যাহাৰ কৰে অধ্যক্ষ জগদীপ ধনখড়ে ।

AAP leader Raghav Chadha
ৰাঘৱ চাড্ডাৰ নিলম্বন প্ৰত্যাহ্বাৰ ৰাজ্যসভাৰ অধ্যক্ষৰ

By ANI

Published : Dec 4, 2023, 4:22 PM IST

নেশ্যনেল ডেস্ক, ৪ ডিচেম্বৰ :আম আদমি পাৰ্টীৰ সাংসদ ৰাঘৱ চাড্ডাক ৰাজ্যসভাৰ পৰা নিলম্বন সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ৰ । শীতকালীন অধিবেশনৰ প্ৰথম দিনা ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ে চাড্ডাৰ নিলম্বন প্ৰত্যাহাৰ কৰে । সংসদৰ বৰ্ষাকালীন অধিবেশনৰ সময়ত বিজেপিৰ সাংসদ জিভিএল নৰসিংহ ৰাওৱে উত্থাপন কৰা প্ৰস্তাৱৰ পাছতে তেওঁক নিলম্বন কৰা হৈছিল ।

ইফালে আপ নেতাগৰাকীৰ নিলম্বনৰ বিষয়টো আলোচনাৰ বাবে আজি সংসদত ৰাজ্যসভাৰ বিশেষাধিকাৰ সমিতিৰ এখন বৈঠক অনুষ্ঠিত হৈছিল । এক ভিডিঅ' বাৰ্তাত চাড্ডাই কয় যে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপৰ পাছতে তেওঁৰ নিলম্বন প্ৰত্যাহাৰ কৰা হয় । সদনত উত্থাপন কৰা এক প্ৰস্তাৱৰ জৰিয়তে তেওঁক নিলম্বন কৰা হৈছিল । চাড্ডাৰ মতে তেওঁক ১১৫ দিনৰ বাবে নিলম্বিত কৰি ৰখা হৈছিল । যাৰ বাবে তেওঁ ৰাইজৰ প্ৰশ্নবোৰ উত্থাপন কৰিব পৰা নাছিল । সদস্য পদ নিলম্বন প্ৰত্যাহাৰ কৰাৰ বাবে তেওঁ উচ্চতম ন্যায়ালয় আৰু ৰাজ্যসভাৰ অধ্যক্ষক ধন্যবাদ জ্ঞাপন কৰে ।

উল্লেখ্য যে বিশেষাধিকাৰ ভংগৰ অভিযোগত চাড্ডাক এই বছৰৰ ১১ আগষ্টত উচ্চ সদনৰ পৰা নিলম্বিত কৰা হৈছিল । ৰাজ্যসভাত দিল্লী সেৱা বিধেয়ক সম্পৰ্কীয় এক প্ৰস্তাৱত ৫ গৰাকী সাংসদৰ স্বাক্ষৰ কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে থকা অভিযোগৰ ফলাফল দাখিল নকৰালৈকে তেওঁক নিলম্বিত কৰা হৈছিল ।

চাড্ডাই পূৰ্বে এই নিলম্বনক অবৈধ আৰু আইন বিৰোধী বুলি অভিহিত কৰিছিল । নিলম্বনৰ পাছতে চাড্ডাই উচ্চ সদনৰ পৰা অনিৰ্দিষ্টকালৰ বাবে নিলম্বনক প্ৰত্যাহ্বান জনাই শীৰ্ষ আদালতৰ কাষ চাপিছিল । অৱশ্যে, উচ্চতম ন্যায়ালয়ে চাড্ডাক জগদীপ ধনখড়ক সাক্ষাৎ কৰি আৰু চৰ্তহীন ক্ষমা বিচাৰিবলৈ কৈছিল ।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰাক লৈ গঠিত এখন বিচাৰপীঠে আশা প্ৰকাশ কৰিছিল যে অধ্যক্ষই বিষয়টোৰ প্ৰতি সহানুভূতিশীল দৃষ্টিভংগী ল'ব ।

লগতে পঢ়ক :আজিৰ পৰা আৰম্ভ হ'ব সংসদৰ শীতকালীন অধিবেশন

ABOUT THE AUTHOR

...view details