নেশ্যনেল ডেস্ক,৪ মাৰ্চ :জামিন বিচাৰি আদালতৰ কাষ চাপিছে দিল্লী আবকাৰী কেলেংকাৰী গোচৰৰ অভিযুক্ত তথা দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়া । জামিন আবেদন সন্দৰ্ভত শনিবাৰে শুনানি হোৱাৰ সম্ভাৱনা আছে । মনীষ চিছোদিয়া বৰ্তমান চিবিআইৰ জিম্মাত আছে । তেওঁৰ জিম্মাৰ ম্যাদ শনিবাৰে শেষ হ'ব ।
তেওঁ ইতিমধ্যে ৰাউজ এভিনিউ আদালতত তেওঁৰ জামিনৰ আবেদন দাখিল কৰিছে (Sisodia files bail Plea in Rouse Avenue Court)। এনফ'ৰ্চমেণ্ট ডিৰেক্টৰেট আৰু চিবিআইয়ে দিল্লী আবকাৰী কেলেংকাৰী গোচৰৰ তদন্ত কৰি আছে । এই সময়ছোৱাত, ইডিয়ে মুঠ ১০ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে আনহাতে চিবিআইয়ে ৪ জনক গ্ৰেপ্তাৰ কৰিছে ।
উল্লেখ্য যে যোৱা দেওবাৰে মনীষ চিছোদিয়াক সোধা-পোছাৰ পাছত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল (Manish Sisodia arrested)। গ্ৰেপ্তাৰ হোৱাৰ পাছত, ৰাউজ এভিনিউ আদালতে মনীষ চিছোদিয়াক ৫ দিনৰ চিবিআই জিম্মালৈ প্ৰেৰণ কৰে । তিনি জ্যেষ্ঠ অধিবক্তাই চিছোদিয়াৰ হৈ ওকালতি কৰিছে । অৱশ্যে, আদালতে চিবিআইৰ যুক্তিৰ সৈতে সন্মত হৈ ৫ দিনৰ জিম্মালৈ প্ৰেৰণ কৰিছিল (Manish Sisodia in CBI custody)।
চিছোদিয়াৰ জামিন আবেদন শুকুৰবাৰে দাখিল কৰা হৈছিল যদিও চিছোদিয়াক ন্যায়িক জিম্মালৈ প্ৰেৰণ নকৰালৈকে এই জামিন আবেদনৰ ওপৰত কোনো বিতৰ্ক নহ'ব । চিছোদিয়াই উচ্চতম ন্যায়ালয়ত তেওঁৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই আবেদন কৰিছিল । কিন্তু উচ্চতম ন্যায়ালয়ে আবেদনখন বিবেচনা নকৰিলে আৰু তেওঁক দিল্লী উচ্চ ন্যায়ালয় বা নিম্ন আদালতলৈ যাবলৈ নিৰ্দেশ দিলে । ইয়াৰ পাছতে চিছোদিয়াই জামিন আবেদন দাখিল কৰে ।
উচ্চতম ন্যায়ালয়ে তেওঁৰ জামিনৰ আবেদন নাকচ কৰাৰ পাছতে চিছোদিয়াই ২৮ ফেব্ৰুৱাৰীত মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে । আবকাৰী গোচৰ সন্দৰ্ভত প্ৰায় আঠ ঘণ্টা সোধা-পোছাৰ পাছত ২৭ ফেব্ৰুৱাৰীত চিবিআইয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল (Manish Sisodia on liquor scam case)। চিবিআইয়ে অপৰাধমূলক ষড়যন্ত্ৰ আৰু দুৰ্নীতি প্ৰতিৰোধ আইনৰ ধাৰা ৭, প্ৰমাণ ধ্বংসৰ অভিযোগত আপ নেতাজনক গ্ৰেপ্তাৰ কৰিছে । ইয়াৰ পূৰ্বে, চিবিআইয়ে দুবাৰ সোধা-পোছা কৰিছিল । ২০২২ চনৰ ১৭ আগষ্টত চিছোদিয়াৰ ঘৰ, কাৰ্যালয়তো অভিযান চলোৱা হৈছিল ।
লগতে পঢ়ক :CM Manish Sisodia produced in CBI court : ৫ দিনৰ চিবিআইৰ জিম্মালৈ প্ৰেৰণ চিছোদিয়াক