নিউজ ডেস্ক, 13 অক্টোবৰ: গুজৰাটৰ আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি গোপাল ইটালিয়াক গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে(AAP Gujarat chief Gopal Italia detained) ৷ গোপাল ইটালিয়াক বৃহস্পতিবাৰে দিল্লীত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সন্মুখত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছিল । ইয়াৰ পাছতেই মহিলা আয়োগৰ কাৰ্যালয়ৰ পৰা দিল্লী আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে ৷ গোপাল ইটালিয়াই প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে অপমানজনক ভাষা ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল(Gujarat AAP Chief comment on PM Modi) ।
প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে কৰা অপমানজনক মন্তব্যৰ ভাইৰেল ভিডিঅ' সন্দৰ্ভত স্পষ্টীকৰণ দিয়াৰ বাবে আজি মহিলা আয়োগৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ বাবে নিৰ্দেশ দিয়া হৈছিল আপৰ নেতাগৰাকীক(AAP leader Gopal Italia detained) ৷ কিন্তু নেতাগৰাকীয়ে তেওঁৰ বক্তব্য ৰখাৰ আগতেই গ্ৰেপ্তাৰ কৰা হয় । দিল্লী আৰক্ষীয়ে গোপাল ইটালিয়াক গ্ৰেপ্তাৰ কৰি সৰিতা বিহাৰ আৰক্ষী থানালৈ লৈ যায় ।
গোপাল ইটালিয়াক গ্ৰেপ্তাৰ কৰাৰ পাছতেই আম আদমী পাৰ্টিৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে(Delhi CM Arvind kejriwal) টুইট কৰি কয়, "গোপাল ইটালিয়াৰ পিছত কিয় বিজেপি লাগি আছে ?" উল্লেখ্য যে, বিজেপি নেতা অমিত মালৱীয়ই গোপাল ইটালিয়াৰ এই ভিডিঅ'টো এটা পোষ্টৰ সৈতে শ্বেয়াৰ কৰিছিল ।
এই ভিডিঅ’টোত গোপাল ইটালিয়াই প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ লগতে মাতৃ, ভগ্নী আৰু কন্যাসকলক মন্দিৰলৈ নোযোৱা আৰু শোষিত হোৱাৰ বিষয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল । তেওঁ ভিডিঅ'টোৰ জৰিয়তে কৈছিল যে, মন্দিৰত মহিলাসকলক শোষণ কৰা হয় । মন্দিৰলৈ গৈ একো লাভ কৰিব নোৱাৰি । গোপাল ইটালিয়াৰ মহিলাসকলক সম্বোধন কৰা এই ভিডিঅ'টো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ।