নিউজ ডেস্ক, 28 জুন : দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউনিফৰ্ম চিভিল ক’ড দেশজুৰি কাৰ্যকৰী কৰাৰ সন্দৰ্ভত এক ভাষণ প্ৰদান কৰিছিল ৷ ইয়াৰ পিচতেই আম আদমী পাৰ্টীয়ে বুধবাৰে ইউনিফৰ্ম চিভিল ক’ড কাৰ্যকৰীকৰণৰ সমৰ্থন কৰি ৰাইজৰ পৰা সহমত ল’বলৈ আহ্বান জনায় ৷
আপ নেতা সন্দীপ পাঠকে সংবাদমাধ্যমক কয়, "আমি নীতিগতভাৱে ইউনিফৰ্ম চিভিল কোড (ইউচিচি) সমৰ্থন কৰো ৷ কিয়নো সংবিধানৰ অনুচ্ছেদ 44-এ ও কয় যে দেশত ইউনিফৰ্ম চিভিল ক’ড থাকিব লাগে ৷ সেয়েহে, সকলো ধৰ্ম, ৰাজনৈতিক দল আৰু সংগঠনৰ সৈতে আলোচনা কৰি পৰামৰ্শ লোৱা উচিত আৰু সকলোৰে মতামত সংগ্ৰহ কৰাটো গুৰুত্বপূৰ্ণ ৷"
লগতে আপৰ নেতাগৰাকীয়ে কয় যে চৰকাৰে ইউনিয়ন চিভিল ক’ড কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত আধিপত্যবাদী স্থিতি লোৱা পৰিহাৰ কৰা উচিত ৷ ভৱিষ্যতেও এনে কিছু বিষয়ৰ ওপৰত চৰকাৰে গুৰুত্ব প্ৰদান কৰাটো অত্যন্ত জৰুৰী ৷ চৰকাৰে ইউনিফৰ্ম চিভিল ক’ড জোৰ জবৰদস্তি উপায়েৰে বলৱৎ কৰিবলৈ চেষ্টা কৰাটো সঠিক নহয় ৷ জনসাধাৰণৰ সহমত অবিহনে ইউনিফৰ্ম চিভিল ক’ডৰ দৰে সিদ্ধান্ত কাৰ্যকৰী কৰিলে ই বৃহৎ সংখ্যক লোকক হতাশ কৰাৰ সম্ভাৱনা আছে ৷