নিউজ ডেস্ক , 17 ছেপ্টেম্বৰ :কেন্দ্ৰই তিনিখনকৈ বিতৰ্কিত কৃষি আইন প্ৰণয়ন কৰাৰ এটা বছৰ সম্পূৰ্ণ ৷ লক্ষাধিক কৃষকৰ আহ্বানৰ প্ৰতি কোনো সঁহাৰি নিদিয়াকৈ 2020 চনৰ 17 ছেপ্টেম্বৰৰ দিনটোতে কেন্দ্ৰীয় চৰকাৰে 3 বিতৰ্কিত কৃষি আইন গৃহীত কৰিছিল ৷
উল্লেখ্য যে, আইন গৃহীত হোৱাৰ এবছৰ সম্পূৰ্ণ হ'ল যদিও তিনি কৃষি আইনৰ বিৰোধীতাৰে কৃষকসকলে এতিয়াও প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ সেয়ে এই তিনি কৃষি আইন গৃহীত হোৱাৰ দিনটো অৰ্থাৎ 17 ছেপ্টেম্বৰৰ দিনটোক কৃষি আইন বাতিল কৰাৰ দাবীৰে পঞ্জাৱৰ মুখ্য বিৰোধী দল আম আদমী পাৰ্টী( Aam Aadmi Party) আৰু শিৰোমণি আকালি দলে (Shiromani Akali Dal) ক'লা দিন(black day) হিচাপে পালন কৰে ৷
কৃষি আইনৰ বিৰুদ্ধে চলি থকা আন্দোলনৰ সময়ত মৃত্যু হোৱা কৃষকসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে আম আদমী পাৰ্টীয়ে ৰাজ্যজুৰি মমবাতি সমদল(candle marches) অনুষ্ঠিত কৰিব বুলিও দলটোৱে এক বিবৃতিযোগে জানিবলৈ দিয়ে ৷