নেশ্যনেল ডেস্ক,১৭ নৱেম্বৰ :দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ডই সম্প্ৰতি দেশত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে (Shraddha Walker Murder Case)। হত্যাকাৰী আফতাব আমিন পুনাৱালাৰ কঠোৰ শাস্তিৰ দাবী ইতিমধ্যে দেশত প্ৰতিবাদৰ সৃষ্টি হৈছে । ইফালে প্ৰশিক্ষিত চেফ আৰু ফটোগ্ৰাফাৰ আফতাব আমিন পুনাৱালাক আমেৰিকাৰ কুখ্যাত চিৰিয়েল কিলাৰ জেফ্ৰি ডাহমাৰ আৰু টেড বাণ্ডিৰ সৈতে তুলনা কৰাও হৈছে । কিয়নো সম্পূৰ্ণ পৰিকল্পিতভাৱে ফুড ব্ল'গাৰ পুনাৱালাই প্ৰেমিকা শ্ৰদ্ধা ৱাকাৰত হত্যা কৰিছিল ।
অপৰাধমূলক অনুষ্ঠানৰ দৰ্শক পুনাৱালাই এখন আমেৰিকান অপৰাধ টিভি শৃংখলা "ডেক্সটাৰ"ৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই হত্যাকাণ্ডতো সংঘটিত কৰিছিল আৰু বিয়াক লৈ হোৱা কাজিয়াৰ পৰিণতি স্বৰূপে প্ৰেমিকাক হত্যা কৰি শৰীৰটো ৩৫ টাকৈ টুকুৰা কৰিছিল । মুম্বাইত জন্ম গ্ৰহণ কৰা আৰু ডাঙৰ দীঘল হোৱা পুনাৱালাই তেওঁৰ সৰু ভাতৃ আহাদ, পিতৃ আমিন আৰু মাতৃ মুনিৰা বেনৰ সৈতে বচাই নগৰৰ ইউনিক পাৰ্ক হাউচিং চ'ছাইটিত বাস কৰিছিল ।
হত্যাকাৰী পুনাৱালাৰ চুবুৰীয়াই উল্লেখ কৰা মতে দুয়ো ভাতৃৰ মাজত প্ৰায়ে কাজিয়া হৈছিল; কিন্তু এইধৰণৰ নৃশংস হত্যাকাণ্ড যে তেওঁ সংঘটিত কৰিব বুলি চুবুৰীয়াসকলে কেতিয়াও ভবা নাছিল । মুম্বাইৰ এল এছ ৰহেজা মহাবিদ্যালয়ৰ স্নাতক পুনাৱালাই শ্ৰদ্ধা ৱাকাৰক লগ পোৱাৰ পিছতহে এই বছৰৰ আৰম্ভণিতে দিল্লীত থাকিবলৈ আৰম্ভ কৰিছিল । ২৯.১ হাজাৰ অনুসৰণকাৰী (followers) থকা 'HungryChokro' নামৰ ইনষ্টাগ্ৰামৰ এটা পেজ থকা পুনাৱালাই অনলাইন ডেটিং এপ্লিকেচনৰ জৰিয়তে ৱাকাৰক লগ পাইছিল ।
পাছত, তেওঁলোকে মুম্বাইৰ একেটা কল চেণ্টাৰত কাম কৰিছিল আৰু তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল । কিন্তু তেওঁলোকৰ পৰিয়ালে এই সম্পৰ্কত আপত্তি কৰিছিল কিয়নো তেওঁলোকৰ ধৰ্ম বেলেগ আছিল । যাৰ বাবে দম্পতীটোৱে এই বছৰৰ আৰম্ভণিতে মেহৰৌলীলৈ স্থানান্তৰিত হৈছিল ।
১৮ মে'ত, বিবাহক লৈ দুয়োৰে মাজত কাজিয়া হৈছিল । এই কাজিয়াই পাছত ভয়ংকৰ ৰূপ লয় আৰু পুনাৱালাই শ্ৰদ্ধাক হত্যা কৰে । হত্যা কৰাৰ পিছদিনাই, পুনাৱালাই এখন কটাৰী আৰু এটা ৩০০ লিটাৰৰ ৰেফ্ৰিজেৰেটৰ ক্ৰয় কৰে ।
পুনাৱালাই হোটেল মেনেজমেণ্ট অধ্যয়ন কৰিছিল আৰু চোকা চুৰি ব্যৱহাৰৰ প্ৰশিক্ষণ লৈছিল । তেওঁ মাংস কেনেদৰে কাটিব লাগে তাৰ ওপৰতো দুসপ্তাহৰ প্ৰশিক্ষণ লৈছিল । সেই প্ৰশিক্ষণেৰে পুনাৱালাই ৱাকাৰৰ শৰীৰটো ৩৫ টাকৈ টুকুৰা কৰিছিল । ইয়াৰ পাছত তেওঁ দুদিন ধৰি শ্ৰদ্ধাৰ শৰীৰটো কাটিছিল ।