নেশ্যনেল ডেস্ক, 27 আগষ্ট:প্ৰেমৰ ভয়ংকৰ ৰূপ ৷ পৰকীয়া প্ৰেমৰ সন্দেহত প্ৰেমিকাক কুকাৰেৰে মৰিয়াই হত্যা কৰিলে প্ৰেমিকে ৷ শনিবাৰে সন্ধিয়া বেংগালুৰুৰ বেগুৰ আৰক্ষী থানাৰ অন্তৰ্গত নিউ মিকো লেআউটত সংঘটিত হয় এই ঘটনা ৷ সম্প্ৰতি আৰক্ষীয়ে প্ৰেমিকক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে ৷
দেওবাৰে আৰক্ষীয়ে জনোৱা অনুসৰি, এজন 24 বছৰীয়া যুৱকে প্ৰেমিকাক আন কাৰোবাৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত এই জঘন্য ঘটনা সংঘটিত কৰে ৷ অভিযুক্ত বৈষ্ণৱ আৰু প্ৰেমিকা দেৱা (২৪) কলেজৰ দিনৰ পৰাই প্ৰেমৰ সম্পৰ্কত আছিল ৷ দুয়ো কেৰেলাৰ পৰা বেংগালুৰুলৈ চাকৰিৰ সন্ধানত আহিছিল ৷
আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পোৱা মতে, দুয়ো বেংগালুৰুত লিভ-ইন সম্পৰ্কত আছিল ৷ দুয়ো একেখন মহাবিদ্যালয়তে পঢ়িছিল ৷ স্নাতক ডিগ্ৰী লাভ কৰাৰ পিচত তেওঁলোকে বেংগালুৰুত একেলগে কাম কৰাৰ সিদ্ধান্ত লৈছিল ৷ তেওঁলোকৰ পৰিয়ালে দুয়ো সম্পৰ্কৰ বিষয়ে অৱগত কৰিছিল ৷ দুয়ো বেংগালুৰুলৈ আহি দুটা ব্যক্তিগত কোম্পানীত কাম কৰিবলৈ আৰম্ভ কৰিছিল ৷