অসম

assam

ETV Bharat / bharat

১০০ গাধ পালন কৰি লাখ টকা উপাৰ্জন যুৱকৰ - Donkey milk benefits

অন্ধ্ৰপ্ৰদেশৰ কিৰণ নামৰ এজন যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ । ১০ একৰ ভূমিৰ ফাৰ্মত তেওঁ খুলিছে গাধৰ ফাৰ্ম (Donkey farm at Andhra Pradesh)। গাধৰ গাখীৰৰ মূল্য প্ৰতি লিটাৰত ৫-৭ হাজাৰকৈ টকা । আফ্ৰিকাৰ গাধও আছে কিৰণৰ ফাৰ্মত ।

donkeys
১০০ গাধ পালন কৰি লাখ টকা উপাৰ্জন যুৱকৰ

By

Published : Sep 6, 2022, 5:36 PM IST

নেশ্যনেল ডেস্ক,৬ ছেপ্টেম্বৰ :ধৈৰ্য আৰু ইচ্ছাশক্তিৰে মানুহে বহু উন্নতি সাধন কৰিব পাৰে । সেয়াই প্ৰমাণ কৰি দেখুৱালে অন্ধ্ৰপ্ৰদেশৰ এজন যুৱকে । গাধ পালন কৰি লাখ লাখ টকা উপাৰ্জন কৰিছে যুৱকজনে (Earning by donkey rearing)।

১০০ গাধ পালন কৰি লাখ টকা উপাৰ্জন যুৱকৰ

উল্লেখ্য যে গাধ এটাক সাধাৰণতে বোজা কঢ়িয়াবৰ বাবে ব্যৱহাৰ কৰা হয় । কিন্তু গাধৰ গাখীৰতো আছে ঔষধি গুণ । এই কথা গম পোৱাৰ পাছতে কিৰণ নামৰ অন্ধ্ৰপ্ৰদেশৰ যুৱকজন জড়িত হৈ পৰে গাধ পালনত ।

পূব গোদাৱৰী জিলাৰ ৰাজমহেন্দ্ৰভাৰামৰ কিৰণ এগৰাকী ছফ্টৱেৰ অভিযন্তা । তেওঁৰ পুত্ৰ হাপানী ৰোগত আক্ৰান্ত হৈছিল । সেই সময়ত, যিসকলে জানিছিল শিশুটোক গাধৰ গাখীৰ খুৱাবলৈ পৰামৰ্শ দিছিল । কিৰণে লগে লগে তেওঁৰ পুত্ৰক গাধৰ গাখীৰ খুৱাবলৈ আৰম্ভ কৰিলে (Donkey milk benefits)।

কিৰণে লক্ষ্য কৰিলে যে তেওঁৰ পুত্ৰ এই সমস্যাৰ পৰা কিছু সকাহ পাইছে । গাধৰ গাখীৰৰ এনে উপকাৰী গুণৰ কথা নিজেই প্ৰমাণ পোৱাৰ লগে লগে তেওঁ গাধ পালনৰ সিদ্ধান্ত লয় ।

প্ৰথমে কিৰণে গুজৰাট, উত্তৰ প্ৰদেশ আৰু বিহাৰৰ দৰে বিভিন্ন ৰাজ্যৰ পৰা গাধ ক্ৰয় কৰি আনিলে । তেওঁ ৰাজনগৰমণ্ডলৰ মল্লমুদিত ১০ একৰ ভূমিৰ এখন ফাৰ্ম লীজত লয় আৰু গাধৰ ফাৰ্ম আৰম্ভ কৰে । কিৰণে ফাৰ্মখনৰ নাম অক্ষয় গাধৰ ফাৰ্ম ৰাখিছিল । এই ফাৰ্মত, যুৱ ছফ্টৱেৰ অভিযন্তাজনে বৰ্তমান গুজৰাটৰ আলাৰী, মহাৰাষ্ট্ৰৰ কাটৱাড আৰু আফ্ৰিকাৰ পৰা ইথিওপিয়াকে ধৰি স্থানীয় প্ৰজাতিৰ ১২০ টা গাধ প্ৰতিপালন কৰি আছে ।

বৰ্তমান, বজাৰত গাধৰ গাখীৰৰ মূল্য প্ৰতি লিটাৰত ৫ৰ পৰা ৭ হাজাৰ টকা । এই গাখীৰ দেশৰ বিভিন্ন ৰাজ্যৰ কোম্পানীবোৰলৈ তেওঁ যোগান ধৰে । কোৱা হয় যে এই গাখীৰৰ পৰা তৈয়াৰ কৰা চীজৰ ইউৰোপীয় দেশবোৰত ভাল চাহিদা আছে । গাধৰ গাখীৰ এক লিটাৰ বটলত ঢালি ফ্ৰীজাৰত ৰখা হয় । এই গাখীৰ আইচবক্সত ৰখা হয় আৰু ফাৰ্মা কোম্পানীবোৰক সাপ্তাহিকভাৱে যোগান ধৰা হয় ।

কিৰণে প্ৰতিটো গাধ ৫০ হাজাৰৰ পৰা ১ লাখ টকাৰ ভিতৰত ক্ৰয় কৰিছিল । গাধবোৰৰ খাদ্য অতি ব্যয়বহুল । সেইকাৰণে গাধবোৰক খুৱাবলৈ আৰু খেতিপথাৰখন পৰিচালনা কৰিবলৈ কৰ্মচাৰী নিয়োগ কৰা হৈছে । ফাৰ্ম মেনেজাৰে এই গাধ পালন সন্দৰ্ভত কয় যে এই প্ৰ'টিন সমৃদ্ধ গাখীৰ খোৱাটোৱে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু বহুতো ৰোগ নিৰাময় কৰে ।

গাধৰ গাখীৰৰ মূল্যৰ কথা গম পাই আপুনিও হয়টো আচৰিত হৈছে । কিন্তু প্ৰথম অৱস্থাত গাধৰ ফাৰ্ম খোলাৰ কথা গম পাই কিৰণক বহুতে বিভিন্ন ধৰণে উপহাস কৰিছিল । অৱশ্যে, গাধৰ বিষয়ে সম্পূৰ্ণ তথ্য লৈ কিৰণে গাখীৰৰ চাহিদাৰ বাবে এখন ফাৰ্ম আৰম্ভ কৰিছিল । বৰ্তমান গাখীৰ বিক্ৰীত মনোনিৱেশ কৰা এই যুৱ ছফ্টৱেৰ অভিযন্তাজনে কয় যে ভৱিষ্যতে তেওঁ গাধৰ গাখীৰৰ পাউডাৰো বনাব ।

লগতে পঢ়ক :National Read a Book Day : গ্ৰন্থ শুনো আহক !

ABOUT THE AUTHOR

...view details