অসম

assam

ETV Bharat / bharat

দৈনিক ভাস্কৰ,ভাৰত সমাচাৰৰ কাৰ্যালয়ত আয়কৰ বিভাগৰ অভিযান:গৰিহণা আমেৰিকাৰ সংবাদ সংস্থাৰ

দৈনিক ভাস্কৰ(Dainik Bhaskar) আৰু টিভি চেনেল ভাৰত সমাচাৰ(Bharat Samachar)ৰ কাৰ্যালয়ত আয়কৰ বিভাগে( Income Tax Department) অভিযান চলোৱা ঘটনা এতিয়া সৰ্বত্ৰে চৰ্চিত হৈ পৰিছে । শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা সংবাদ সংস্থায়ো এই অভিযানক গৰিহণা দিছে ।

A US based media body has condemned tax raids on Dainik Bhaskar, Bharat Samachar
দৈনিক ভাস্কৰ, ভাৰত সমাচাৰৰ কাৰ্যালয়ত আয়কৰ বিভাগৰ অভিযানক গৰিহণা আমেৰিকাৰ সংবাদ গোষ্ঠীৰ

By

Published : Jul 23, 2021, 4:39 PM IST

নেশ্যনেল ডেস্ক, ২৩ জুলাই: সংবাদ মাধ্যমৰ কণ্ঠৰুদ্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে লোৱা পদক্ষেপক এতিয়া সকলোৱে নিন্দনীয় আখ্যা দিছে । ভাৰতৰ আগশাৰীৰ সংবাদ গোষ্ঠী দৈনিক ভাস্কৰ (Dainik Bhaskar) আৰু টিভি চেনেল ভাৰত সমাচাৰ (Bharat Samachar)ৰ কাৰ্যালয়ত আয়কৰ বিভাগে (Income Tax Department) চলোৱা অভিযানক সকলোৱে সমালোচনা কৰিছে । কেৱল ভাৰততে নহয়, বিদেশৰ সংবাদ সংস্থায়ো গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত চলা এনে দমন নীতিৰ বিৰুদ্ধে মাত মাতিছে । শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সাংবাদিক সুৰক্ষা সমিতি শীৰ্ষক এটা সংবাদ সংস্থায়ো এই অভিযানক গৰিহণা দিছে ।

চৰকাৰৰ সমালোচনা কৰা সংবাদ প্ৰতিষ্ঠানক ভীতিগ্ৰস্ত কৰাৰ উদ্দেশ্যে নতুন দিল্লীয়ে এনে ধৰণৰ তদন্ত চলোৱা উচিত নহয় বুলি মন্তব্য কৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা সংবাদ গোষ্ঠীটোৱে । সাংবাদিক সুৰক্ষা সমিতি(Committee to Protect Journalists)য়ে সমালোচনা কৰি কয় যে, ভাৰতে সংবাদ মাধ্যমৰ স্বাধীনতাৰ পৰম্পৰা পুনৰুজ্জীৱিত কৰিব লাগিব আৰু সাংবাদিকসকলক ৰাজহুৱা স্বাৰ্থৰ বিষয়ত মুক্তভাৱে বাতৰি প্ৰকাশ কৰিবলৈ অনুমতি দিব লাগিব । উল্লেখ্য যে, আয়কৰ বিভাগে দৈনিক ভাস্কৰৰ লগতে ভাৰত সমাচাৰৰ বিৰুদ্ধেও কৰ ফাঁকিৰ অভিযোগ উত্থাপন কৰিছে ।

মুঠ ১২ খন ৰাজ্যত দৈনিক ভাস্কৰৰ কাৰ্য়ালয় আছে । বাতৰি কাকত, ৰেডিঅ' ষ্টেচন, ৱেব পৰ্টেল আৰু ম'বাইল ফোন এপ পৰিচালনা কৰা দৈনিক ভাস্কৰৰ বিৰুদ্ধে বৃহস্পতিবাৰে পুৱা প্ৰায় ৫.৩০ বজাত অভিযান আৰম্ভ হৈছিল আৰু সন্ধিয়া পৰ্যন্ত অভিযান অব্যাহত আছিল । বিভিন্ন ৰাজ্যৰ ৩০টা পৃথক পৃথক স্থানত আয়কৰ বিভাগে অভিযান চলায় ।

সাংবাদিক সুৰক্ষা সমিতি এছিয়া কাৰ্যসূচীৰ সমন্বয়ক ষ্টিভেন বাটলাৰে বৃহস্পতিবাৰে কয় যে, দৈনিক ভাস্কৰ আৰু ভাৰত সমাচাৰৰ সম্পত্তিৰ বিৰুদ্ধে চলা আয়কৰ বিভাগৰ এই অভিযান কেৱল ৰাজনৈতিক স্বাৰ্থৰ বাবে ব্যৱহাৰ হৈছে । স্বচ্ছভাৱে ভাৰতৰ চৰকাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বাতৰি প্ৰকাশ কৰা সংবাদ প্ৰতিষ্ঠানসমূহক ভীতিগ্ৰস্ত কৰিবলৈ এয়া এক নিকৃষ্ট কৌশল আৰু এই কাৰ্য বন্ধ কৰিব লাগিব বুলি মন্তব্য কৰে ষ্টিভেন বাটলাৰে । তেওঁ লগতে কয় যে, "ভাৰত চৰকাৰে তাৎক্ষণিকভাৱে দৈনিক ভাস্কৰৰ কাৰ্যালয় আৰু সংবাদ গোষ্ঠীটোৰ পৰিচালন সঞ্চালকৰ ঘৰত চলাই থকা অভিযান স্থগিত ৰখা উচিত । লগতে দৈনিক ভাস্কৰ আৰু ভাৰত সমাচাৰৰ কৰ্মচাৰীসকলক হাৰাশাস্তি কৰা বন্ধ কৰা উচিত" ।

উল্লেখ্য যে, দৈনিক ভাস্কৰ আৰু ভাৰত সমাচাৰে ক'ভিড-১৯ৰ মহামাৰীৰে মোকাবিলা কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাক লৈ সমালোচনা কৰি আহিছে । মহামাৰীৰ দ্বিতীয় ঢৌৰ সময়ত চৰকাৰৰ বিফলতা আৰু মানুহে ভুগিবলগীয়া হোৱা কষ্টৰ ওপৰত আলোকপাত কৰি বহু বাতৰি প্ৰকাশ কৰি আহিছে । ইফালে, সংবাদ গোষ্ঠী দুটাৰ কাৰ্যালয়ত চলা এই অভিযানক লৈ সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিৰোধী দলৰ নেতাসকলে সংসদতো এই বিষয়টো উত্থাপন কৰে । কিন্তু কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে (Anurag Thakur) আয়কৰ বিভাগৰ অভিযানত চৰকাৰী হস্তক্ষেপ থকাৰ কথা অস্বীকাৰ কৰে ।

লগতে পঢ়ক:Tokyo Olympics : আৰ্চাৰীত মহিলাৰ একক ৰেংকিং ৰাউণ্ডৰ নৱম স্থানত দীপিকা কুমাৰী

ABOUT THE AUTHOR

...view details