নেশ্যনেল ডেস্ক, 26 ডিচেম্বৰ:চিনেমা চিনেমা যেন লগা এটা সঁচা কাহিনী ৷ আপুনি বাৰু মন্দিৰ, ধৰ্মীয় অনুষ্ঠান বা মণ্ডপত বিবাহ সম্পন্ন হোৱা দেখিছে ৷ কিন্তু আজি আমি আপোনাক দেখুৱাম এখন বিশেষ আৰু ব্যতিক্ৰমী বিয়া ৷ শুনিবলৈ চিনেমাৰ কাহিনী যেন লাগিলেও এয়াই সঁচা ৷ হয়, মন্দিৰৰ বা মণ্ডপৰ পৰিৱৰ্তে এখন বিবাহ সম্পন্ন হ’ল চিকিৎসালয়ৰ ICUত(Unique wedding in Bihar) ৷ দৰা-কইনাৰ পৰিয়াল বৰ্গ আৰু চিকিৎসকৰ উপস্থিতিত সম্পন্ন হ’ল এইখন বিবাহ ৷
এই ব্যতিক্ৰমী বিবাহখন সম্পন্ন হৈছে বিহাৰৰ গয়া জিলাৰ এখন ব্যক্তিগত চিকিৎসালয়ত(Wedding in ICU in Bihar) ৷ এইবাৰ শুনক আচল ঘটনা ৷ জিলাখনৰ গুৰাৰু খণ্ডৰ বালি গাঁৱৰ লালন কুমাৰৰ পত্নী পুনম বাৰ্মা কেইবাদিনো ধৰি অসুস্থ হৈ আছিল । কিন্তু দেওবাৰে হঠাতে তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিবলৈ ধৰিলে । যাৰ বাবে তেওঁক গয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও পুনৰ বাৰ্মাৰ অৱস্থা অতি সংকটজনক হৈ পৰে ৷ সেয়েহে চিকিৎসকে স্বামীক অৱগত কৰে যে, যি কোনো সময়তে পুনম বাৰ্মাৰ মৃত্যু হ’ব পাৰে ৷
কিন্তু ICUত জীৱন-মৃত্যুৰে যুঁজি থকা পুনম বাৰ্মাৰ শেষ ইচ্ছা আছিল তেওঁৰ জীয়াৰীৰ বিয়াখন মৃত্যুৰ পূৰ্বে চাই যোৱা ৷ সেয়েহে, তেওঁ পৰিয়ালৰ লোকক কলে যে, ‘‘এতিয়াই মোৰ ছোৱালীৰ বিয়াখন পাতি দিয়াক, মৃত্যুৰ পূৰ্বে মই মোৰ জীয়াৰীৰ বিয়া চাই যাব বিচাৰোঁ’’ ৷