অসম

assam

ইণ্ডিগ’ বিমানত বোমাতংক: মুম্বাই বিমানবন্দৰত শ্বাসৰুদ্ধকৰ পৰিস্থিতি

By

Published : Oct 2, 2022, 1:11 PM IST

Updated : Oct 2, 2022, 8:09 PM IST

মুম্বাই বিমানবন্দৰত বোমাতংক (Bomb scare at Mumbai airport)। এখন ইণ্ডিগ' বিমানত বোমা থকা বুলি ই-মেইল লাভ কৰে বিমানবন্দৰ কৰ্তৃপক্ষই । নিৰাপত্তা সংস্থাসমূহক লগে লগে সতৰ্ক কৰি দিয়া হয় ।

Indigo
Indigo বিমানত বোমা

নেশ্যনেল ডেস্ক,২ অক্টোবৰ :১ অক্টোবৰ অৰ্থাৎ শনিবাৰে নিশা মুম্বাই বিমানবন্দৰত তীব্ৰ উত্তেজনা । ভাবুকিৰ এটা ই-মেইল পোৱাৰ পাছতে হুলস্থূলীয়া পৰিৱেশৰ সৃষিটি হয় বিমানবন্দৰৰ ভিতৰত (Tension inside Mumbai airport)। আনকি ইণ্ডিগ' বিমানৰ উৰণতো বিলম্ব হোৱা দেখা গ’ল ।

জানিব পৰা মতে নিশা মুম্বাই বিমান বন্দৰলৈ এটা ই-মেইল আহিছিল (Threat email to Mumbai Airport)। য'ত কোৱা হৈছিল যে এখন ইণ্ডিগ' বিমানত বোমা আছে । লগেলগে বিমানবন্দৰৰ নিৰাপত্তা সংস্থাসমূহক সতৰ্ক কৰি দিয়া হয় । সকলোতে তীব্ৰ তালাচী আৰম্ভ হয় ।

ই-মেইলটো অনুসৰি ইণ্ডিগ' বিমান নম্বৰ 6E 6045 ত এটা বোমা আছে (Bomb in Indigo flight at Mumbai airport)। বিমানখন নিশা মুম্বাইৰ পৰা আহমেদাবাদলৈ যোৱাৰ কথা আছিল । ই-মেইলটো অহাৰ পাছতে তন্নতন্নকৈ বিমানখনো পৰীক্ষা কৰা হয় ।

কিন্তু বিমানখনত কোনো ধৰণৰ সন্দেহজনক সামগ্ৰী পোৱা নগ'ল । যাৰ বাবে এয়া ভুৱা ই-মেইল বুলি সন্দেহ কৰে নিৰাপত্তা সংস্থাসমূহে । অৱশ্যে এই সন্দৰ্ভত অনুসন্ধান কৰি থকা হৈছে । ই-মেইলটো ক'ৰ পৰা আহিছিল আৰু কোনে, কি উদ্দেশ্যে কৰিছিল তাৰো তদন্ত আৰম্ভ হৈছে ।

লগতে পঢ়ক :তাচ পাতৰ দৰে খহি পৰিল তিনিমহলীয়া অট্টালিকা

Last Updated : Oct 2, 2022, 8:09 PM IST

ABOUT THE AUTHOR

...view details