অসম

assam

By

Published : Dec 12, 2020, 5:50 PM IST

ETV Bharat / bharat

কিশোৰীক জীৱন্তে অগ্নিদগ্ধ কৰিলে তান্ত্ৰিকে

ৰাজস্থানৰ বৰমাৰত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা ৷ কিস্তুৰাম নামৰ এজন তান্ত্ৰিকে পূজাৰ অংশ হিচাপে নিজ বাসগৃহৰ কাষতে এটি গাঁতত নিজৰ লগতে এগৰাকী দহ বছৰীয়া কিশোৰীৰ শৰীৰত অগ্নিসংযোগ কৰে ৷

rj_bmr_05_boddy_avbb_10009
কিশোৰীক জীৱন্তে অগ্নিদগ্ধ কৰিলে তান্দ্ৰিকে

নেশ্যনেল ডেস্ক,12 ডিচেম্বৰ :ৰাজস্থানৰবৰমাৰত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা ৷ তথাকথিত এগৰাকী তান্দ্ৰিকে এগৰাকী দহবছৰীয়া কিশোৰীৰ লগতে নিজকে অগ্নিদগ্ধ কৰে ৷ ঘটনাৰ তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ ঘটনা অনুসৰি কিস্তুৰাম নামৰ তান্ত্ৰিকজনে পূজাৰ অংশ হিচাপে নিজ বাসগৃহৰ কাষতে এটি গাঁতত নিজৰ লগতে দহ বছৰীয়া কিশোৰী গৰাকীৰ শৰীৰত অগ্নিসংযোগ কৰে ৷

আনহাতে, ঘটনাস্থলীত বখাছাৰৰ আৰক্ষী বিষয়া নিম্ব সিং উপস্থিত হৈ সমগ্ৰ পৰিস্থিতি প্ৰত্যক্ষ কৰি আশ্বৰ্যচকিত হৈ পৰে ৷ মৃতদেহৰ কাষৰ পৰা পেট্ৰ’লৰ বটলৰ লগতে অন্যান্য সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ আনহাতে, ভুক্তভোগী কিশোৰৰ পিতৃয়ে জনায় যে, বিগত দুই বছৰে কিস্তুৰামে নিবাদত অনাই বনাই ঘূৰি ফুৰিছিল ৷ ইয়াৰ উপৰিও তেখেতে ভাবুৰ পথাৰত খান্দি লোৱা গাঁতটোতেই বাস কৰিছিল ৷ শুকুৰবাৰে কিস্তুৰামে তেখেতৰ কন্যাক জীৱন্তে অগ্নিদগ্ধ কৰি পিছত নিজৰ দহটো অগ্নিসংযোগ কৰে ৷

তথ্য অনুসৰি কিস্তুৰামে 2014 চনত ভাৰতলৈ আহিছিল আৰু অবৈধভাৱে ভাৰতত বসবাস কৰিবলৈ লৈছিল ৷ আৰক্ষীয়ে ভুক্তভোগী কিশোৰীৰ পিতৃৰ অভিযোগৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক-মৰিগাঁৱৰ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালৰ কাষত মন্ত্ৰী পীযুষ হাজৰিকা

ABOUT THE AUTHOR

...view details