নেশ্যনেল ডেস্ক, 15 আগষ্ট: আজি সমগ্ৰ দেশজুৰি উদযাপন কৰিছে স্বাধীনতা দিৱস ৷ কিন্তু স্বাধীনতা দিৱসৰ দিনাই পশ্চিমবংগ সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা ৷ পুৱা চাদত ৰাষ্ট্ৰীয় পতাকা লগাই থাকোতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় এজন ছাত্ৰৰ । মৃত ছাত্ৰজনৰ নাম সৌমিক দত্ত (২০)। সোমবাৰে আছানছল উত্তৰ আৰক্ষী থানাৰ কল্যাণপুৰত সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনাটো (A Student Died by Electrocution In Asansole) ৷
জানিব পৰা মতে, কল্যাণপুৰৰ বাসিন্দা সৌমিক এজন অভিযান্ত্ৰিক শিক্ষাৰ্থী । ওড়িশাৰ এখন ইঞ্জিনিয়াৰিং কলেজত অধ্যয়ন কৰি থকা ছাত্ৰজন স্বাধীনতা দিৱসৰ বন্ধত নিজ ঘৰলৈ আহিছিল । প্ৰধানমন্ত্ৰীৰ আহ্বান মৰ্মে ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচীৰ অংশস্বৰূপে নিজৰ ঘৰত পতাকা উত্তোলন কৰিবলৈ ছাদৰ ওপৰত গৈছিল ছাত্ৰজন ৷ কিন্তু ঘৰৰ চাদৰ গাতে লাগি আছিল এডাল হাই ভল্টেজ সংযোগী তাঁৰ । পতাকা বান্ধি থকাৰ সময়তে ভুলবশতঃ বিদ্যুতৰ তাঁৰডাল স্পৰ্শ কৰাত বিদ্যুৎস্পৃষ্ট হৈ পৰে ছাত্ৰজন । লগে লগে মৃত্যুক সাৱটি ল’ব লগা হয় ছাত্ৰজনে ৷