আজিৰ দিনত ভাৰতবৰ্ষত কোনো নিৰ্বাচনকেই সাধাৰণভাৱে উলাই কৰিব নোৱাৰি । আনকি পৌৰসভাৰ নিৰ্বাচনসমূহকো গুৰুত্বপূৰ্ণভাৱে লোৱা হয়, কাৰণ যিকোনো ৰাজনৈতিক দলেই পৌৰসভাৰ নিৰ্বাচন সমূহকো গুৰুত্ব সহকাৰে লোৱা পৰিলক্ষিত হয় । শেহতীয়াকৈ তেলেংগানা, পঞ্জাৱ, গুজৰাট আদি ৰাজ্যত হোৱা পৌৰসভাৰ নিৰ্বাচনে দেশৰ সামগ্ৰিক নিৰ্বাচনৰ ওপৰত পেলাব পৰা সাম্ভাব্য প্ৰভাৱৰ ওপৰতো বিশ্লেষণ কৰা দেখিবলৈ পোৱা গৈছে । কৃষকৰ প্ৰতিবাদৰ মাজতেই পঞ্জাৱত অনুষ্ঠিত হোৱা পৌৰসভা আৰু নগৰ নিকায়ৰ নিৰ্বাচন, য'ত কংগ্ৰেছৰ বাবে ফলাফল ফলপ্ৰসূ হোৱা দেখা গৈছে ; কিন্তু গুজৰাটত হোৱা পৌৰসভা আৰু নগৰ নিকায়ৰ নিৰ্বাচনত বিজেপিয়ে ভাল ফল দেখুওৱা পৰিলক্ষিত হৈছে । এই ফলাফলসমূহে চৰকাৰ আৰু বিৰোধী দলসমূহক নিজৰ মাজত বিশ্লেষণ কৰাবলৈ বাধ্য কৰাইছে ।
দিল্লী পৌৰসভাৰ উপ-নিৰ্বাচনৰ ফলাফলে ৰাজনৈতিক বিশ্লেষকসকলক আকৌ এবাৰ ফলাফলসমূহ ফঁহিয়াই চাবলৈ বাধ্য কৰাইছে । অনুষ্ঠিত হোৱা পাঁচটা পৌৰসভা সমষ্টিৰ ভিতৰত চাৰিটাই আম আদমি পাৰ্টীয়ে দখল কৰিবলৈ সক্ষম হোৱাটোৱে ইয়াকে সূচায় যে, দলটোৱে দিল্লীত নিজৰ দখল সবল কৰি ৰাখিবলৈ সক্ষম হৈছে । আনহাতে কংগ্ৰেছে এটা সমষ্টি আম আদমি পাৰ্টীৰ পৰা আঁজুৰি আনিবলৈ সক্ষম হয় । মন কৰিবলগীয়া যে, বিজেপিয়ে এই উপ-নিৰ্বাচনত দিল্লীত এটাও সমষ্টি দখল কৰিবলৈ সক্ষম নহ'ল ।
যি ক্ষেত্ৰত আম আদমি দলে শালিমাৰবাগ আসনখন দখল কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে কংগ্ৰেছে আম আদমি দলৰ পৰা আন এখন আসন আঁজুৰি আনিবলৈ সক্ষম হয় । খালী হোৱা আসনসমূহৰ ভিতৰত আম আদমি দলৰ সদস্যসমূহ আছিল ত্ৰৈলোক্যপূৰী, কল্যাণপুৰী, চৌহানবাগ আৰু ৰোহিনী ৱাৰ্ডৰ আৰু শালিমাৰবাগত আছিল বিজেপিৰ সদস্য । নিৰ্বাচনত আম আদমি দলে ত্রৈলোক্যপুৰী, কল্যাণপুৰী, ৰোহিনী আৰু শালিমাৰবাগত বিজয় সাব্যস্ত কৰে ; কিন্তু কংগ্ৰেছে চৌহানবাগ দখল কৰিবলৈ সক্ষম হয় । শালিমাৰবাগত থকা বিজেপিৰ সদস্যজনৰ মৃত্যুৰ পিছত খালী হোৱা আসনখন বিজেপিয়ে দখল কৰিবলৈ ব্যৰ্থ হয় ।