নেশ্যনল ডেস্ক,1 জানুৱাৰী :গুজৰাটৰ আহমেদাবাদত 31 ডিচেম্বৰত উৎকোচ লোৱা অৱস্থাত 50 লাখ টকা জব্দ কৰা হয় ৷ আহমেদাবাদ দুৰ্নীতি নিবাৰক শাখা আৰু আনন্দ জিলাৰ স্থানীয় অপৰাধ শাখাৰ যুটীয়া অভিযানত প্ৰকাশ সিং ৰাউল নামৰ এজন আৰক্ষী কনিষ্টবলক টকা উৎকোচ লৈ থকা অৱস্থাত আটক কৰা হয় ৷ প্ৰাথমিক তথ্য অনুসৰি, খামভাট সাৰ কেলেংকাৰীত জড়িত থকাৰ সন্দেহ কৰা হৈছে কনিষ্টবলজনক ৷
আহমেদাবাদ গ্ৰামীণ দুৰ্নীতি নিবাৰক শাখা (ACB) আৰু আনন্দ স্থানীয় অপৰাধ শাখা কাৰ্যালয় (LCB)য়ে অভিযুক্ত কনিষ্টবলজনক উৎকোচ লোৱাৰ অভিযোগত এক গোচৰ ৰুজু কৰে ৷ জানিব পৰা মতে, অভিযুক্ত প্ৰকাশে টকা উৎকোচ লৈ বহু সা-সম্পত্তিৰ পাহাৰ গঢ়িছে ৷