অসম

assam

ETV Bharat / bharat

বিবাহবাৰ্ষিকীত চন্দ্ৰত ভূমি কিনি পত্নীক উপহাৰ দিলে স্বামীয়ে

অষ্টম বিবাহবাৰ্ষিকীত এগৰাকী ব্যক্তিয়ে তেওঁৰ পত্নীক চন্দ্ৰত ভূমি ক্ৰয় কৰি সেই ভূমি তেওঁক উপহাৰস্বৰূপে প্ৰদন কৰে ৷ আমেৰিকাৰ নিউৱৰ্ক চহৰৰ লুনাৰ ছ'চাইটি ইণ্টাৰনেশ্যনলে সেই ভূমি বিক্ৰী কৰে ৷

বিবাহবাৰ্ষিকীত চন্দ্ৰত ভূমি কিনি পত্নীক উপহাৰ দিলে স্বামীয়ে
বিবাহবাৰ্ষিকীত চন্দ্ৰত ভূমি কিনি পত্নীক উপহাৰ দিলে স্বামীয়ে

By

Published : Dec 26, 2020, 9:06 PM IST

নেশ্যনেল ডেস্ক, 26 ডিচেম্বৰ:এগৰাকী ব্যক্তিয়ে তেওঁৰ অষ্টম বিবাহবাৰ্ষিকীত তেওঁৰ পত্নীক চন্দ্ৰত ভূমি ক্ৰয় কৰি সেই ভূমি তেওঁক উপহাৰস্বৰূপে প্ৰদন কৰে ৷ এই বিষয়ে জানিবলৈ পাই আপুনি অবাক হৈছে, কিন্তু এইয়াই সত্য ৷ আমেৰিকাৰ নিউৱৰ্ক চহৰৰ লুনাৰ ছ'চাইটি ইণ্টাৰনেশ্যনলে সেই ভূমি বিক্ৰী কৰে ৷

বিবাহবাৰ্ষিকীত চন্দ্ৰত ভূমি কিনি পত্নীক উপহাৰ দিলে স্বামীয়ে

ব্ৰাজিলত বাস কৰা আজমেৰ নিৱাসী ধৰ্মেন্দ্ৰ ধমীজাই তেওঁৰ ধৰ্মপত্নী স্বপ্না ধমীজাক তেওঁলোকৰ বিবাহবাৰ্ষিকীত চন্দ্ৰৰ 3 একৰ ভূমি প্ৰদান কৰে ৷ সেই ভূমি ডোখৰ 14.3 উত্তৰ latitude আৰু 5.6 পূৱ longitude ত অৱস্থিত ৷ ভূমিখিনিৰ ঠিকনা ট্ৰেক্ট পাৰ্চেল নং 377 ,378 আৰু 379 চন্দ্ৰ ৷

নিউৱৰ্ক চহৰৰ লুনাৰ ছ'চাইটি ইণ্টাৰনেশ্যনলে সেই ভূমি বিক্ৰী কৰে

ভূমি ডোখৰৰ ফাইল নং হৈছে 14253182f ৷ 24 ডিচেম্বৰত অনুষ্ঠিত এক অনুষ্ঠানত কেক কটাৰ পাচত ধৰ্মেন্দ্ৰ ধমীজাই সেই ভূমিৰ প-পত্ৰ পত্নীক উপহাৰ স্বৰূপে প্ৰদান কৰে ৷ উল্লেখ্য যে, বিবাহবাৰ্ষিকী উপলক্ষে তেওঁলোকে আয়োজন কৰা অনুষ্ঠানতো কৃত্ৰিম ডাৱৰ আদিৰে চন্দ্ৰৰ দৰে এক পৰিৱেশৰ সৃষ্টি কৰে ৷ যাৰ মাজত ঠিয় হৈ তেওঁ তেওঁৰ পত্নীক সেই উপহাৰ দিয়ে ৷

কৃত্ৰিম ডাৱৰ আদিৰে চন্দ্ৰৰ দৰে এক পৰিৱেশৰ সৃষ্টি কৰে ৷ যাৰ মাজত ঠিয় হৈ তেওঁ তেওঁৰ পত্নীক সেই উপহাৰ দিয়ে ৷

বহু ডলাৰৰ বিনিময়ত ক্ৰয় কৰা ভূমিখিনিৰ ৰেজিষ্ট্ৰী দেখাৰ পাচতে স্বপ্না ধমীজাৰ চকু পানীৰে ভৰি পৰে ৷ উপস্থিত অতিথি সকলে হাত চাপৰিৰে তেওঁলোকক অভিনন্দন জ্ঞাপন কৰে ৷

বহু ডলাৰৰ বিনিময়ত ক্ৰয় কৰা ভূমিখিনিৰ ৰেজিষ্ট্ৰী দেখাৰ পাচতে স্বপ্না ধমীজাৰ চকু পানীৰে ভৰি পৰে

ধৰ্মেন্দ্ৰ ধমীজাই কয় যে, তেওঁ ভূমি খিনিৰ মূল্যৰ বিষয়ে কাকো জনাব নোৱাৰে ৷ কিয়নো উপহাৰ দিয়া বস্তুৰ মূল্য কেতিয়াও নকয় ৷ লুনাৰ সম্পত্তি খিনি ক্ৰয় কৰাৰ পাচত কোম্পানীটোৱে তেওঁক চন্দ্ৰৰ নাগৰিকত্বও প্ৰদান কৰে ৷ ভৱিষ্যতে সেই ভূমি তেওঁলোকে বিক্ৰীও কৰিব পাৰে আৰু সেই ভূমিত যদি কোনোৱে গৱেষণা কৰিব বিচাৰে তেন্তে তাৰ ল'য়েলটিও প্ৰদান কৰা হ'ব ৷

অষ্টম বিবাহবাৰ্ষিকীত পত্নীক উপহাৰস্বৰূপে প্ৰদন কৰে চন্দ্ৰৰ ভূমি

লগতে পঢ়ক:প্ৰতিদিনাই ৰাজধানীত 15 গৰাকী শিশু নিৰুদ্দেশ হয়: আৰক্ষী

ABOUT THE AUTHOR

...view details