নিউজ ডেস্ক, 17 আগষ্ট: মহাৰাষ্ট্ৰৰ গণ্ডিয়া চহৰত বুধবাৰে পুৱা এখন যাত্ৰীবাহী ৰেলখন দুৰ্ঘটনাত পতিত হয়(Train Accident in Maharashtra) ৷ যাত্ৰীবাহী ৰেলখনে এখন মালবাহী ৰেলত পিছফালৰ পৰা খুন্দা মৰাত গুৰুতৰভাৱে আহত হয় কেইবাজনো যাত্ৰী(passenger train hits goods train in Maharashtra) ৷ ৰায়পুৰৰ পৰা নাগপুৰ অভিমুখী ভগত কি কোঠী নামৰ যাত্ৰীবাহী ৰেলখন দুৰ্ঘটনাত পতিত হোৱাত প্ৰায় 53 জন যাত্ৰী গুৰুতৰভাৱে আহত হয় ।
মহাৰাষ্ট্ৰত ৰেল দূৰ্ঘটনাত আহত 53 যাত্ৰী
মহাৰাষ্ট্ৰত দুৰ্ঘটনাত পতিত ৰায়পুৰৰ পৰা নাগপুৰ অভিমুখী ভগত কি কোঠী নামৰ যাত্ৰীবাহী ৰেলখন(Bhagat Ki Kothi train from Raipur to Nagpur) ৷ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত প্ৰায় 53 জন যাত্ৰী ৷ কথমপি প্ৰাণৰক্ষা পৰে কেইবাজনো যাত্ৰীৰ ৷
মহাৰাষ্ট্ৰত যাত্ৰীবাহী ৰেলে খুন্দা মাৰিলে মালবাহী ৰেলত
দুৰ্ঘটনাটো সংঘটিত হোৱাৰ তথ্য লাভ কৰাৰ পাচতেই ঘটনাস্থলীত ৰেল আৰক্ষীৰ লগতে উদ্ধাৰকাৰী দল উপস্থিত হয় ৷ উদ্ধাৰকাৰী দলে স্থানীয় লোকৰ সহযোগত উদ্ধাৰ কাৰ্য আৰম্ভ কৰাৰ লগতে আহত যাত্ৰীসকলক জিলা চৰকাৰী হাস্পতাল আৰু ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ সম্প্ৰতি দুৰ্ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৰেল আৰক্ষীয়ে ৷
লগতে পঢ়ক :মৰাণৰ জৱাহৰ নবোদয় বিদ্যালয়ত পাঁচ ছাত্ৰৰ প্ৰহাৰত গুৰুতৰভাৱে আহত ছাত্ৰ