নিউজ ডেস্ক, ২১ আগষ্ট:বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এগৰাকী এয়াৰ হোষ্টেছক অশালীন আচৰণ তথা যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত আৰক্ষীয়ে এগৰাকী যাত্ৰীক গ্ৰেপ্তাৰ কৰে । ৩৩ বছৰীয়া এয়াৰ হোষ্টেছগৰাকীৰ এজাহাৰৰ ভিত্তিত বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ থানা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যাত্ৰীজনক ৷ আটকাধীন যাত্ৰীজন মালদ্বীপৰ বাসিন্দা আক্ৰম আহমেদ (৫১) বুলি চিনাক্ত ।
১৮ আগষ্টত সংঘটিত হয় এই ঘটনা ৷ মালেৰ পৰা বেংগালুৰু অভিমুখী বিমানখনত অভিযুক্ত মালদ্বীপৰ বাসিন্দা আক্ৰম আহমেদে কেবিন ক্ৰুক ফোন কৰি বিয়েৰ আৰু কাজু বিচাৰিছিল । সেৱা আগবঢ়োৱাৰ সময়ত আক্ৰম আহমেদে এয়াৰ হোষ্টেছৰ সৈতে অসৎ আচৰণ কৰাৰ অভিযোগ । ''মই ৫১ বছৰ ধৰি তোমাৰ দৰে ছোৱালী বিচাৰি আছো, তোমাক ১০ ডলাৰৰ সলনি ১০০ ডলাৰ দিম । বাকী টকাখিনি ৰাখা ।’’ ইয়াৰ পাচত তেওঁ এয়াৰ হোষ্টেছগৰাকীক অশ্লীলভাৱে স্পৰ্শ কৰিছিল । এজাহাৰত এনেদৰে উল্লেখ কৰা হৈছে ৷