নেশ্যনেল ডেস্ক, ১৮ জুন: ভাৰত-পাকিস্তান(India-Pakistan)ৰ সীমা অতিক্ৰম কৰি ভাৰতৰ পঞ্জাৱৰ গুৰদাসপুৰ জিলাৰ ডেৰা বাবা নানক চহৰ পালেহি পাকিস্তানৰ এখন ড্ৰোণ(Drone) । পুৱা প্ৰায় ৪.৪০ বজাত পঞ্জাৱ সীমান্তত নিয়োজিত সীমা সুৰক্ষা বল(BSF)ৰ জোৱানৰ দশম বেটেলিয়নে ড্ৰোণখন উৰি থকা প্ৰত্যক্ষ কৰে ।
লগে লগে সীমা সুৰক্ষা বলৰ জোৱানে গুলীচালনা কৰে । ড্ৰোণখনলৈ লক্ষ্য কৰি ৭ জাঁই গুলী চালনা কৰে বি এছ এফে(BSF)। এই ঘটনাৰ পিছতে সীমা সুৰক্ষা বলৰ জোৱানে অঞ্চলটোত তালাচী অভিযান চলায় ।
নিৰাপত্তাৰক্ষী বাহিনীৰ বিষয়াসকলে জনোৱা মতে, ইয়াৰ পূৰ্বে পঞ্জাৱৰ হুছেইনিৱালা অঞ্চলত ভাৰত-পাকিস্তান সীমান্তৰ ভাৰতীয় ভূখণ্ডৰ দুখন গাঁৱৰ ওপৰেৰে এখন সন্দেহযুক্ত পাকিস্তানী ড্ৰোণ উৰি থকা দেখা গৈছিল । এই ঘটনাৰ দুদিনৰ পিছতে দ্বিতীয়বাৰৰ বাবে ভাৰতৰ আকাশত পুনৰ পাকিস্তানৰ ড্ৰোণ দেখা পোৱা গৈছে ।
পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক ৰাজ্যখনত অস্ত্ৰ-শস্ত্ৰ এয়াৰড্ৰপ কৰিবলৈ ব্যৱহাৰ কৰা পাকিস্তানী ড্ৰোণৰ সম্পৰ্কীয় ঘটনাৰ তদন্ত কৰিবলৈ অনুৰোধ জনাইছিল ।
লগতে পঢ়ক:ভাৰত শান্তিৰ পূজাৰী যদিও অনুপ্ৰৱেশ সহ্য নকৰে: ৰাজনাথ সিং