নিউজ ডেস্ক,21 ডিচেম্বৰ: সীমান্ত সুৰক্ষা বাহিনীয়ে (BSF) পঞ্জাৱৰ অমৃতসৰ জিলাত পাকিস্তানৰ পৰা প্ৰৱেশ কৰা এখন ড্ৰোণ গুলীয়াই ভূ-পতিত কৰে (BSF troops downed drone) । সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানসকলে পাক সীমান্তৰ ওচৰত পাকিস্তানৰ ফালৰ পৰা এখন ড্ৰোণ আহি থকা প্ৰত্যক্ষ কৰিছিল (Pak drone entered Indian border) । লগে লগেই তেওঁলোকে ড্ৰোণখনলৈ লক্ষ্য কৰি গুলী চালনা কৰে । ইয়াৰ পাচতেই বি এছ এফৰ জোৱানসকলে অঞ্চলটোত অধিক ড্ৰোণৰ সন্ধানত অভিযানত তীব্ৰতৰ কৰি তুলিছে ৷
যোৱা মাহত সীমান্ত সুৰক্ষা বাহিনীৰ এটা মহিলা দলে পাকিস্তানৰ পৰা পঞ্জাৱৰ অমৃতসৰ জিলাৰ সীমান্তত প্ৰৱেশ কৰা 3.1 কিলোগ্ৰাম নিচাজাতীয় সামগ্ৰী কঢ়িয়াই অনা এখন ড্ৰোণলৈ গুলীবৰ্ষণ কৰে (Pak drone downed at Border) ৷ সীমান্তৰ সিপাৰৰ পৰা ড্ৰাগছ সৰবৰাহ কৰাৰ ষড়যন্ত্ৰ বিফল কৰিবলৈ সক্ষম হয় দলটো । বিএছএফৰ জোৱানসকলে নিশা অমৃতসৰ চহৰৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ উত্তৰে চাহাৰপুৰ গাঁৱৰ ওচৰত ভাৰতীয় ভূ-খণ্ডত প্ৰৱেশ কৰা ড্ৰোণখন লক্ষ্য কৰে বুলি বিষয়াসকলে কয় ।