নেশ্যনেল ডেস্ক, ২৩ জুন: তামিলনাডু(Tamilnadu)ৰ এটা ব্যক্তিগত চিমেণ্ট কাৰখানাত উদ্ধাৰ হ'ল দুটা পাইপ বোমা(PIPE BOMB) । শংকৰ নগৰত থকা চিমেণ্ট কাৰখানা(CEMENT FACTORY)ৰ চৌহদত স্থাপন কৰা হৈছিল বোমা দুটা । বুধবাৰে আৰক্ষীয়ে জনাইছে যে, এই বোমা দুটা বৰ্তমান উদ্ধাৰ কৰা হৈছে । বোমাকেইটা যথেষ্ট শক্তিশালী আছিল বুলি জানিবলৈ দিছে আৰক্ষীয়ে ।
স্থানীয় লোকক আতংকিত নহ'বলৈ আশ্বাস দি বোমা দুটা নিষ্ক্ৰিয় কৰা হ'ব বুলি মন্তব্য কৰে । ১০০ৰো অধিক স্থায়ী শ্ৰমিক আৰু হাজাৰৰো অধিক ঠিকাভিত্তিক শ্ৰমিকে চিমেণ্ট কাৰখানাটোত কাম কৰে । কাৰখানাটোৰ পৰা তামিলনাডুৰ বিভিন্ন স্থানৰ লগতে কেৰালালৈও নিৰ্মাণকাৰ্যত ব্যৱহৃত সামগ্ৰী প্ৰেৰণ কৰে । শেহতীয়াকৈ কাৰখানা কৰ্তৃপক্ষই ৰাজ্য চৰকাৰৰ নিৰ্দেশনা পালন কৰাৰ পিছতে একাংশ শ্ৰমিক ক্ষুদ্ধ হৈ পৰিছে ।
কিয়নো, চৰকাৰে ক'ভিড-১৯ মহামাৰীৰ বাবে কাৰাখানাটোত একে সময়তে কাম কৰা শ্ৰমিকৰ সংখ্যা কম কৰিবলৈ নিৰ্দেশ দিছিল । এই নিৰ্দেশ অনুসৰি প্ৰায় ১০০ জন ঠিকাভিত্তিক শ্ৰমিকক কামৰ পৰা বৰ্খাস্ত কৰা হৈছিল । আৰক্ষীয়ে জনোৱা মতে, বৰ্খাস্ত কৰা শ্ৰমিকসকলক ৫০ লাখ টকা পৰিশোধৰ দাবী জনাই কোনো অজ্ঞাত লোকে কাৰখানাত কৰ্মৰত কৰ্মচাৰীক ফোন কৰিছিল ।