নেশ্যনেল ডেস্ক, ২ আগষ্ট : দিল্লীৰ কেণ্টনমেণ্ট অঞ্চলত দেওবাৰে এগৰাকী ৯ বছৰীয়া কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । কিশোৰীগৰাকীৰ পিতৃ-মাতৃয়ে অভিযোগ উত্থাপন কৰিছে যে, তেওঁলোকৰ কন্যাক ধৰ্ষণ কৰি হত্যা কৰা হৈছে । দিল্লীৰ কেণ্টনমেণ্ট অঞ্চলৰ বাসিন্দা কিশোৰীগৰাকীয়ে দেওবাৰে পানী আনিবলৈ ঘৰৰ পৰা ওলাই গৈছিল । কিন্তু বহু সময় ধৰি কিশোৰীগৰাকী ঘৰলৈ উভতি অহা নাছিল ।
কিছু সময়ৰ পাছত পুৰণি নাংগল শ্মশানত কৰ্মৰত এগৰাকী পুৰোহিতে কিশোৰীগৰাকীৰ পিতৃ-মাতৃক জনায় যে, কিশোৰীগৰাকীৰ মৃত্যু হৈছে । ৱাটাৰকুলাৰৰ পৰা পানী খাবলৈ চেষ্টা কৰোঁতে বিদ্যুৎস্পৃষ্ট হৈ কিশোৰীগৰাকীৰ মৃত্যু হৈছে বুলি পুৰোহিতজনে জনাইছিল । লগতে আৰক্ষীক এই বিষয়ে অৱগত নকৰিবলৈও তেওঁ পিতৃ-মাতৃক সকীয়াই দিছিল । তেওঁ কৈছিল যে, যদি তেওঁলোকে আৰক্ষীক খবৰ দিয়ে, তেন্তে আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ নামত কিশোৰীগৰাকীৰ মৃতদেহ চিকিৎসালয়লৈ লৈ যাব আৰু চিকিৎসালয়ত কিশোৰীগৰাকীৰ দেহৰ অংগ চুৰি কৰি নিয়া হ'ব ।
কেৱল এয়াই নহয়, পৰিয়ালৰ সন্মতি অবিহনে পুৰোহিতজনে পুৰণি নাংগল শ্মশানত কিশোৰীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰাৰো অভিযোগ উত্থাপন কৰিছে পিতৃ-মাতৃয়ে । কিশোৰীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰিবলৈ পুৰোহিতে হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ তুলিছে কিশোৰীগৰাকীৰ পৰিয়ালে । তেওঁলোকে জনোৱা মতে, কিশোৰীগৰাকীৰ শৰীৰত জুয়ে পোৰাৰ চিন আছে ।