অসম

assam

ETV Bharat / bharat

মন্দিৰৰ নামত মুছলমান দম্পতিৰ কোটি টকাৰ অনুদান - A Muslim couple donated

অন্ধ্ৰ প্ৰদেশৰ তিৰুমালা ভেঙ্কটেশ্বৰ মন্দিৰকে ধৰি মন্দিৰসমূহ পৰিচালনা কৰা তিৰুমালা তিৰুপতি দেৱস্থানমছ ন্যাসক এটা মুছলিম পৰিয়ালৰ কোটি টকাৰ অনুদান (Tamil Nadu Muslim couple donates for TTD)। মঙলবাৰে পৰিয়ালটোৱে ১.০২ কোটি টকাৰ চেক প্ৰদান কৰে । পৰিয়ালটোক প্ৰশংসা কৰিছে বিভিন্নজনে ।

TTD
মন্দিৰৰ নামত মুছলমান দম্পতিৰ কোটি টকাৰ অনুদান

By

Published : Sep 21, 2022, 3:19 PM IST

Updated : Sep 21, 2022, 3:58 PM IST

নেশ্যনেল ডেস্ক, ২১ ছেপ্টেম্বৰ :সাম্প্ৰতিক সময়ত দেশত ধৰ্মীয় হিংসাৰ ঘটনা বৃদ্ধি পাইছে (Religious violence in India)। ধৰ্মৰ নামত একাংশ লোকে হিংসাৰ আশ্ৰয় লোৱা দেখা গৈছে । কেৱল এয়াই নহয় ৰাজনৈতিক দলসমূহেও ধৰ্মৰ নামত ৰাজনীতি কৰি আহিছে । ধৰ্মীয় হিংসাত আনকি বহু লোক নিহত হ'বলগীয়াও হৈছে ।

কিন্তু এই সকলোবোৰৰ মাজতে এক মুছলমান দম্পতিয়ে অন্যতম নিদৰ্শন দাঙি ধৰিছে । তামিলনাডুৰ মুছলমান দম্পতিটোৱে তিৰুমালা শ্ৰীভাৰা মন্দিৰলৈ বৃহৎ অনুদান আগবঢ়াইছে (Tamil Nadu Muslim couple donates for temple)। জানিব পৰা মতে মন্দিৰৰ নামত দম্পতিটোৱে প্ৰায় ১.০২ কোটি টকা দান কৰিছে (Muslim couple donates crores of rupees for temple)।

তামিলনাডুৰ চেন্নাইৰ দম্পতিটো হৈছে আব্দুল গনি আৰু চুবিনা বানু । সন্তানসহ আব্দুল গনিৰ পৰিয়ালটোৱে মঙলবাৰে মন্দিৰত উপস্থিত হৈ ১.০২ কোটি টকা দান কৰে । মন্দিৰৰ ৰঙ্গনায়কুলা মণ্ডপত তিৰুমালা তিৰুপতি দেৱস্থানমৰ (Tirumala Tirupati Devasthanams) বিষয়ববীয়াক ধনৰ চেক প্ৰদান কৰে ।

ইয়াৰ ভিতৰত, তিৰুমালাত শেহতীয়াকৈ নিৰ্মাণ কৰা শ্ৰীপদ্মাৱতী বিশ্ৰাম গৃহৰ নতুন আচবাব আৰু পাকঘৰৰ বাচন-বৰ্তনৰ বাবে এছভি অন্নপ্ৰসাদম ট্ৰাষ্টক পৰিয়ালটোৱে ১৫ লাখ টকা আৰু ৮৭ লাখ টকা দান কৰিছে । ইফালে মন্দিৰ দৰ্শন কৰি মুছলমান পৰিয়ালটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে । মুছলমান পৰিয়ালটোৰ এই পদক্ষেপৰ পাছতে সমগ্ৰ তামিলনাডুত বিশেষ চৰ্চা আৰম্ভ হৈছে । সকলোৱে পৰিয়ালটোক প্ৰশংসাও কৰিছে । আনকি ধৰ্মক লৈ কাজিয়া কৰাৰ পৰিৱৰ্তে মুছলমান পৰিয়ালটোৰ আদৰ্শ ল'বলৈ আহ্বান জনাইছে বিভিন্ন জনে ।

লগতে পঢ়ক :পৃথিৱীত পৰুৱাৰ সংখ্যা কিমান ?

Last Updated : Sep 21, 2022, 3:58 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details