তেলেংগানা,27 ডিচেম্বৰ:তেলেংগানাৰ মেডচল জিলাৰ পিএছ এলেকাত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা ৷ এগৰাকী মহিলাই দুই সন্তানৰ সৈতে এটা পুখুৰীত জপিয়াই আত্মহত্যা কৰে ৷ এই ঘটনা শনিবাৰে নিশা সংঘটিত হয় ৷ নাগমণি নামৰ মহিলাগৰাকীৰ এই কঠোৰ সিদ্ধান্তৰ কাৰণ পাৰিবাৰিক সংঘাত বুলি অনুমান কৰা হৈছে ৷
জানিব পৰা মতে, মহিলাগৰাকীয়ে বৰদিন উপলক্ষে মাতৃ গৃহলৈ গৈ এই উৎসৱ উদযাপন কৰিব বিচাৰিছিল ৷ কিন্তু মহিলাগৰাকীৰ স্বামীয়ে এই কথাত মান্তি নোহোৱাত স্বামী-স্ত্ৰীৰ মাজত সংঘাতৰ সৃষ্টি হয় ৷ যাৰ ফলশ্ৰুতিত মহিলাগৰাকীয়ে দুই সন্তানৰ সৈতে আত্মহত্যাৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ চেন্নাপুৰমৰ এটি পুখুৰীৰ পৰা দুই শিশু সহিতে মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে স্থানীয় লোকে ৷