নেশ্যনেল ডেস্ক, 14 ছেপ্টেম্বৰ:তেলেংগানাৰৰাজন্না ছিৰচিলা জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ য়েলাৰেডীপেটৰ ৰমিণ্ডল নামপল্লীৰ মালিকানাধীন অট্টালিকাটোত দুদিন পূৰ্বে সংঘটিত হয় চুৰিৰ ঘটনা ৷ আৰক্ষীয়ে জনোৱা মতে, য়েলাৰেডীপেটৰ ৰমিণ্ডল নামপল্লীৰ মালিকানাধীন অট্টালিকাটোত কিছুমান দোকান ভাড়াত চলি আছে । অৱশ্যে আৰক্ষীৰ সোধ পোচত পোহৰলৈ আহিল যে এই চুৰি কাণ্ড সৰু সুৰা অথবা সাধাৰণ নহয় ৷ নিজৰ অস্তিত্ব ৰক্ষাৰ বাবেই বেশভূষা সলনিৰে চুৰি কাৰ্য সমাধা কৰে চোৰে ৷
ছিংগাৰাম গাঁৱৰ বাণ্টী লক্ষ্মী নাৰায়ণে একেটা অট্টালিকাতে এখন ফ্লেক্সি প্ৰিন্টিং দোকান চলাই আছে । চলিত মাহৰ 9 তাৰিখে সচৰাচৰৰ দৰে দোকানত তলা লগাই ৰাতি ঘৰলৈ যায় লক্ষ্মী নাৰায়ণ । পিছদিনা ৰাতিপুৱা অৰ্থাৎ 10 ছেপ্টেম্বৰত ৰাতিপুৱা 11 মান বজাত দোকান খুলিবলৈ আহি নাৰায়ণে অনুমান কৰে যে, দোকানখনৰ আগফাল আৰু পিচফালৰ দুৱাৰ খোলা আছে ।
ইয়াৰ পিচতে স্থানীয় আৰক্ষীক নিজৰ দোকানত চুৰি হোৱাৰ অভিযোগ দিয়াৰ সমান্তৰালকৈ তেওঁ নিজৰ দোকানত লগোৱা চিচিটিভি ফুটেজ পৰ্যবেক্ষণ কৰি আৰক্ষীৰ হাতত জমা দিয়ে । চিচিটিভিৰ ফুটেজ নিৰীক্ষণ কৰি আৰক্ষীয়ে ভিডিঅ’টোত এগৰাকী মহিলা চোৰক উদ্ধাৰ কৰে যিয়ে দোকানৰ পৰা কিছু টকা চুৰি কৰি লৈ যায় বুলি ভিডিঅ’টোত পৰিলক্ষিত হয় ।