নেচনেল ডেস্ক, 14 এপ্ৰিল :খাদ্যৰসিকতা প্ৰায় প্ৰত্যেকজন মানুহৰে সহজাত প্ৰবৃত্তি ৷ খাদ্য যদিও আমাৰ মৌলিক প্ৰয়োজন তথাপিও ই কেৱল প্ৰয়োজনতে সীমাবদ্ধ নাথাকি আমাৰ বাবে হৈ পৰে আনন্দ লাভৰো উৎস ৷ বিভিন্ন সময়ত বিভিন্ন খাদ্য গ্ৰহণ অথবা ভোজন বিলাসিতা কাৰণো ভাল নালাগে ৷ শাৰীৰিক শক্তি অথবা আনন্দৰ লগতে বিভিন্ন সময়ত খাদ্যই মানুহক দিব পাৰে অপৰিসীম যন্ত্ৰণা তথা কিছু বিপদজনক সময় ৷ আজি আমি আপোনাৰ বাবে লৈ আহিছো খাদ্যগ্ৰহণৰ সৈতে জড়িত এটা যন্ত্ৰণাদায়ক খবৰ (Tragic story of food lover) ৷
তেলেংগানাৰ সূৰ্যপেট জিলাত সংঘটিত হোৱা এই ঘটনা শুনি আপুনি যিমান আচৰিত হ’ব তাতোকৈ অধিক সাৱধান হোৱাটো আপোনাৰ পৰা আমিও কামনা কৰিছো ৷ এই ঘটনা অনুসৰি, সূৰ্যপেটৰ ভূক্য গোপী ৰাজানায়কে মঙলবাৰৰ দিনা ঘৰতে মুথিয়ালম্মা উৎসৱত অংশগ্ৰহণ (Muthyalamma Festival celebration) কৰিছিল ৷ উৎসৱৰ বাবেই সেইদিনা তেওঁলোকৰ ঘৰত দেৱীৰ আৰধনা কৰাৰ লগতে প্ৰস্তুত কৰা হৈছিল ছাগলীৰ মাংসৰ সুস্বাদু ব্যঞ্জন ৷