নিউজ ডেস্ক,13 মাৰ্চ: কৰ্ণাটকৰ হাভেৰী জিলাত এক অনন্য ঘটনা ৷ মানুহ আৰু মানুহৰ সম্পৰ্ক অৱনমিত হোৱাৰ দিনতে জীৱন ৰক্ষাৰ বাবে এটা কুকুৰে গৰ্ভৱতী কুকুৰক কৰিলে ৰক্তদান ৷
কৰ্ণাটকৰ হাভেৰীত(haveri district karnataka) ৰক্তহীনতাত আক্ৰান্ত এজনী গৰ্ভৱতী কুকুৰক ৰক্তদান কৰে আন এটা কুকুৰে। এই ঘটনা হাভেৰী জিলাৰ হানগাল তালুকৰ আক্কি আলুৰ গাঁৱৰ(Akki Alur Village in India) । হাভেৰীৰ হানগাল তালুকৰ আক্কি আলুৰক ৰক্ত সৈনিকৰ গৃহ চহৰ বুলি গণ্য কৰা হয়। ইয়াত প্ৰতি ঘৰতে এজন ৰক্তদাতা পোৱা যায় । এবাৰ নহয়, কেইবাবাৰো ৰক্তদান কৰি জীৱনদাতালৈ পৰিণত হৈছে ইয়াৰ যুৱক-যুৱতীসকল । ইয়াৰ মাজতে দেওবাৰে এক বিৰল পৰিঘটনাৰ সাক্ষী হৈ ৰ'ল এই ৰক্তদাতাসকলৰ গৃহ চহৰ আক্কি আলুৰ ।
এজন ব্যক্তিয়ে নিজৰ সুস্থ পোহনীয়া কুকুৰৰ পৰা এজনী গৰ্ভৱতী কুকুৰক তেজ দান কৰি জীৱ-জন্তুৰ প্ৰতি থকা এক বিৰল প্ৰেমৰ পৰিচয় দেখুৱালে(Dog Donated Blood in Karnataka)। ইয়াত জিপ্সী নামৰ দুমহীয়া গৰ্ভৱতী কুকুৰ এজনীক জিমি নামৰ আন এটা মতা কুকুৰে তেজ দিয়ে । তথ্য অনুসৰি জিপ্সী অসুস্থ আছিল । জিপ্সীক পশু চিকিৎসালয়লৈ অনাৰ সময়ত চিকিৎসকে জিপ্সী ৰক্তহীনতাত ভুগি থকাৰ কথা জনায় আৰু তেজ দিলে তাই পুনৰ সুস্থ হৈ উঠিব বুলি কয় ।