নিউজ ডেস্ক , ২৩ জানুৱাৰী : 'তুমি মোক তেজ দিয়া,মই তোমাক স্বাধীনতা দিম', নেতাজী সুভাষ চন্দ্ৰ বসুৰ এই মহান উক্তিয়ে স্বাধীনতা আন্দোলনত বিপ্লৱী জনতাৰ মনত স্বাধীনতাৰ বীজ ৰোপণ কৰিছিল । সেই গৰাকী স্বাধীনতা আন্দোলনৰ অন্য়তম পৰাক্ৰমী নেতা তথা 'আজাদ হিন্দ ফৌজ'ৰ সংস্থাপক সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী সমগ্ৰ দেশজুৰি 'পৰাক্ৰম দিৱস' হিচাপে পালন কৰা হৈছে । আজিলৈ নেতাজীৰ মৃত্য়ু ৰহস্য়ৰ মাজতে থাকিল যদিও বহুতে তেওঁৰ জীৱনৰ অন্তিম সময়ছোৱা উত্তৰাখণ্ডৰ ডেৰাডুনত কটোৱা বুলি দাবী কৰে । অৱশ্য়ে ইতিহাস অনুসৰি ডেৰাডুনৰ সৈতে নেতাজীৰ এক গভীৰ সম্পৰ্কও দেখা যায় । কোৱা হয় যে ১৯৭৭ চনত প্ৰসিদ্ধ ডেৰাডুনত নেতাজীয়ে সাধুৰ ৰূপত কিছু সময় কটাইছিল ।
উল্লেখ যে ডেৰাডুনৰ ৰজা মহেন্দ্ৰ প্ৰতাপ সিংহ আৰু পেছৱাৰৰ নায়ক চন্দ্ৰ সিংহ গাৰোৱালীৰ ওপৰত প্ৰভাৱিত হৈ নেতাজীয়ে 'আজাদ হিন্দ ফৌজ' গঠন কৰিছিল আৰু পৰৱৰ্তী সময়ত গাৰোৱালীৰ দুটা ফৈদ 'আজাদ হিন্দ ফৌজ'ত অন্তৰ্ভুক্তও কৰিছিল । ইফালে গাৰোৱালী সৈনিক সুভাস চন্দ্ৰ বসুৰ পচন্দৰো আছিল । যাৰ বাবে নিজৰ ব্য়ক্তিগত বিষয়াক গাৰোৱালীৰ শীৰ্ষ নেতৃত্ব প্ৰদান কৰিছিল সুভাস চন্দ্ৰ বসুৱে । গাৰোৱালী বিষয়া আৰু সৈনিকেৰে গঠন হোৱা 'আজাদ হিন্দ ফৌজ'ৰ দুটা ফৈদৰ নেতৃত্বত আছিল জেনেৰেল মোহন সিংহ । গাৰোৱালী ৰাইফলছৰ দুটা বেটেলিয়ানত ২৬ সৈনিক অন্তৰ্ভুক্ত কৰা হৈছিল । ব্ৰিটিছৰ বিৰুদ্ধে হোৱা যুদ্ধত এই সকলৰ ভিতৰত প্ৰায় ৬০০ৰো অধিক সেনা শ্বহীদ হৈছিল । নেতাজীয়ে ১৯৪৩ চনৰ ২১ অক্টোবৰত চিংগাপুৰত আজাদ হিন্দ চৰকাৰৰ গঠন কৰিছিল, তাৰ পিছতে ১৯৪৪ চনৰ ৭ জানুৱাৰীত ইয়াৰ ৰাজধানী ৰংগুণলৈ স্থানান্তৰিত কৰা হৈছিল ।