অসম

assam

ETV Bharat / bharat

বিজেপি, কংগ্ৰেছৰ পাচত পুনৰ তৃণমূল কংগ্ৰেছত যোগদান সুবল ভৌমিকৰ - কাকোলী ঘোষ দস্তিদাৰ

কংগ্ৰেছৰ জৰিয়তে নিজৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰা ভৌমিকে বিজেপি ত্যাগ কৰাৰ পূৰ্বে তৃণমূল কংগ্ৰেছৰ হৈয়ো কাম কৰিছিল । ত্ৰিপুৰাত বিজেপি দলৰ স্থাপনৰ ক্ষেত্ৰত অন্যতম ভূমিকা আছে ভৌমিকৰ ৷ কিন্তু, সেই সময়ত বিজেপিৰ ৰাজ্যিক সভাপতিৰ দায়িত্বত থকা বিপ্লৱ কুমাৰ দেৱৰ লগত মত বিৰোধৰ বাবে দল ত্যাগ কৰিব লগা হৈছিল সুবল ভৌমিকে । কংগ্ৰেছ দলটো সঠিক পদৰ আশাত আছিল ভৌমিক । কিন্তু আশা কৰা মতে দলৰ মজিয়াত সেই স্থান নাপালে ভৌমিকে ।

Subal Bhowmik
পুনৰ তৃণমূল কংগ্ৰেছত যোগদান সুবল ভৌমিকৰ

By

Published : Jul 30, 2021, 5:27 PM IST

আগৰতলা, ৩০ জুলাই :বিজেপি, কংগ্ৰেছৰ পাচত এইবাৰ পুনৰ তৃণমূল কংগ্ৰেছত যোগদান ত্ৰিপুৰাৰ নেতা সুবল ভৌমিকৰ (Subal Bhowmik) । বৃহস্পতিবাৰে কংগ্ৰেছ দল ত্যাগ কৰাৰ কথা ঘোষণা কৰিয়ে তৃণমূল কংগ্ৰেছত (Trinamool Congress) যোগদান কৰে নেতাগৰাকীয়ে । উল্লেখ্য যে কংগ্ৰেছৰ জৰিয়তে নিজৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰা ভৌমিকে বিজেপি ত্যাগ কৰাৰ পূৰ্বে তৃণমূল কংগ্ৰেছৰ হৈয়ো কাম কৰিছিল । ত্ৰিপুৰাত বিজেপি দলৰ স্থাপনৰ ক্ষেত্ৰত অন্যতম ভূমিকা আছে ভৌমিকৰ কিন্তু সেই সময়ত বিজেপিৰ ৰাজ্যিক সভাপতিৰ দায়িত্বত থকা বিপ্লৱ কুমাৰ দেৱৰ সৈতে মত বিৰোধৰ বাবে দল ত্যাগ কৰিব লগা হৈছিল সুবল ভৌমিকে ।

পুনৰ তৃণমূল কংগ্ৰেছত যোগদান সুবল ভৌমিকৰ

উল্লেখ্য যে বিজেপিৰ ৰাজ্যিক সভাপতি হোৱাৰ আশা আছিল ভৌমিকৰ কিন্তু বিধানসভা নিৰ্বাচনত পৰাজয়ৰ পাছতে তেওঁৰ সকলো আশাত চেঁচা পানী পৰিছিল । পৰৱৰ্তী সময়ত তেওঁ ভাবিছিল যে, দলে তেওঁক লোকসভাৰ টিকট প্ৰদান কৰিব কিন্তু হাইকামাণ্ডে সেই টিকট প্ৰদান কৰিলে বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী প্ৰতিমা ভৌমিকক । যাৰ বাবে হতাশ হৈ সুবল ভৌমিকে পশ্চিম ত্ৰিপুৰা সংসদীয় সমষ্টিৰ পৰা টিকট লাভৰ আশাত বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰে ।

দল সলনি কৰি ৰাজনৈতিক কেৰিয়াৰ উন্নতি হোৱাৰ সপোন দেখা সুবলক এইবাৰো ভাগ্যই লগ নিদিলে । কংগ্ৰেছৰ লগতে ভৌমিকে নিৰ্বাচনত মুখ থেকেচা খাবলগীয়া হয় । যোৱা এবছৰ ধৰি তেওঁ ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছ কমিটিত এক মুখ্য পদত থকাৰ বাবেও সংগ্ৰাম কৰি আছিল ।

সূত্ৰৰ মতে, তেওঁ এআইচিচিৰ (AICC) পৰ্যবেক্ষক লুইজিনহো ফালেৰিঅ'ৰ সৈতে মিত্ৰতা কৰি তেতিয়াৰ টিপিচিচিৰ (TPCC) সভাপতি প্ৰদ্যুত কিশোৰ দেৱবৰ্মনক দল ত্যাগ কৰিবলৈ বাধ্য কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । অৱশ্যে, কংগ্ৰেছৰ প্ৰবীণ নেতা পিযুষ বিচৱাদক টিপিচিচিৰ সভাপতি হিচাপে নিযুক্তি দিয়াৰ পাচত ভৌমিকে পুনৰ নিৰাশ হ'বলগীয়া হয় । লক্ষণীয়ভাৱে তেওঁ ত্ৰিপুৰাৰ ৰাজনৈতিক দৃশ্যপটৰ পৰা যোৱা এবছৰ ধৰি প্ৰায় নিস্ক্ৰিয় হৈ আছিল আৰু সক্ৰিয় ৰাজনীতিত পুনৰ প্ৰৱেশৰ পৰিকল্পনা কৰি আছিল ।

ত্ৰিপুৰাত তৃণমূল কংগ্ৰেছে পুনৰ ভুমুকি মৰাৰ লগে লগে তেওঁ কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰে । আগৰতলাস্থিত এখন ব্যক্তিগত হোটেলত দলত যোগদান কৰাৰ সময়ত ভৌমিকে কয় যে, তেওঁৰ একক প্ৰচেষ্টাৰ বাবে বিজেপিয়ে আজি এই স্থানত আছে আৰু তেওঁৰ সেয়া ভুল আছিল, সেয়ে ভুল স্বীকাৰ কৰি পুনৰ তৃণমূলত যোগদান কৰিছে ভৌমিকে । তেওঁ লগতে কয় যে, নিজৰ কামৰ বাবে তেওঁ আজি অনুতপ্ত ।

বহুলোকে তেওঁক শাসকীয় দলৰ অপশাসনৰ বাবে দোষাৰোপ কৰে । সেয়ে তেওঁ কৰা ভুলবোৰ সংশোধন কৰিব বিচাৰে আৰু তাৰ বাবে তেওঁ অনুভৱ কৰে যে তৃণমূল হৈছে ভুল শুধৰণিৰ একমাত্ৰ বিকল্প । তৃণমূল এতিয়া দেশৰ লগতে ৰাজ্যখনত একমাত্ৰ বিকল্প সেয়েহে ভৌমিকে দাবী কৰি কয় যে, জনকল্যাণৰ সৈতে কোনো সম্পৰ্ক নথকা বিজেপি চৰকাৰক সিংহাসনচ্যুত কৰাই হ'ব তেওঁলোকৰ মূল লক্ষ্য ।

ভৌমিকে প্ৰাক্তন মন্ত্ৰী প্ৰকাশ দাস, প্ৰবীণ নেতা ইদ্ৰিছ মিয়া আৰু ৰাজ্যখনৰ বিভিন্ন মহকুমাৰ কেইগৰাকীমান নেতাৰ সৈতে দলটোত যোগদান কৰে । যোগদানৰ পাছতে তেওঁ কয় যে, চল্লিশগৰাকী নতুন মুখৰ বিশিষ্ট ব্যক্তিয়ে দলত যোগদানৰ পৰিকল্পনা কৰি আছে । অৱশ্যে হোটেল কৰ্তৃপক্ষই কিছুমান ক'ভিড প্ৰট'কলৰ বাবে হোটেল বেংকুৱেট বুকিং বাতিল কৰে ।

হোটেল বেংকুৱেট বুকিং বাতিল সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয় যে, এই সকলোবোৰ তেওঁক প্ৰতিৰোধ কৰাৰ প্ৰয়াস । বিজেপি দলক প্ৰশ্ন কৰি ভৌমিকে কয় যে, দলৰ প্ৰতি আস্থা হেৰুওৱা লোকসকলক কেনেদৰে বাধা দিব বিজেপিয়ে । তেওঁ লগতে কয় যে এনে ৪০ গৰাকীতকৈও অধিক নেতাৰ ভিতৰত কিছুমান মনোনীত নিগমৰ অধ্যক্ষও আছে যিয়ে বিজেপি এৰি তৃণমূলত যোগদান কৰাৰ চিন্তাত আছে ।

পশ্চিমবংগৰ মন্ত্ৰী ব্ৰত্য বসুৱে কয় যে, তেওঁলোকে বাৰে বাৰে বাধাৰ সন্মুখীন হৈছে । আনকি তেওঁলোকৰ কাৰ্যসূচী বিফল কৰাৰ চেষ্টাও কৰিছে শাসকীয় দলে । নিৰ্ধাৰিত যোগদান কাৰ্যসূচীৰ ঠিক পূৰ্বে, কিছুমান অজ্ঞাত শাখাই বেংকুৱেটৰ বুকিং বাতিল কৰে । সেয়ে চৰকাৰে সকলোকে সমান চকুৰে চাব বুলি আশাবাদী মন্ত্ৰীগৰাকী ।

ইফালে বৃহস্পতিবাৰে ত্ৰিপুৰাত তৃণমূলৰ দুজন জ্যেষ্ঠ সাংসদ ডেৰেক অ'ব্ৰাইন (Derek O'Brien) আৰু কাকোলী ঘোষ দস্তিদাৰও (Kakoli Ghosh Dastidar) উপস্থিত হয় । এআইটিচিৰ (AITC) সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীও সোমবাৰে ত্ৰিপুৰালৈ আহিব বুলি জানিব পৰা গৈছে । মুঠতে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বান হৈ থিয় দিবলৈ সাজু হৈছে তৃণমূল কংগ্ৰেছ দল ।

লগতে পঢ়ক:ৰামদেৱৰ কৰ'নিল সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ৰ শুনানি

ABOUT THE AUTHOR

...view details