অসম

assam

ETV Bharat / bharat

Balasore train accident : উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰে'লমন্ত্ৰীৰ - Union Railways Minister

বালাচোৰৰ ৰে'ল দুৰ্ঘটনাৰ ওপৰত উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে (High level inquiry on Balasore train accident)। এতিয়ালৈ মৃতকৰ সংখ্যা ২৩৮ লৈ বৃদ্ধি । উদ্ধাৰ অভিযান অব্যাহত আছে ।

Balasore train accident
উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰে'ল মন্ত্ৰীৰ

By

Published : Jun 3, 2023, 10:04 AM IST

নেশ্যনেল ডেস্ক,৩ জুন :ওড়িশাৰ বালাচোৰৰ ভয়ংকৰ ৰে'ল দুৰ্ঘটনাই সমগ্ৰ দেশকে জোকাৰি গৈছে (Train accident in Balasore)। এই দুৰ্ঘটনাত মৃতকৰ সংখ্যা ২৩৮ লৈ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ প্ৰায় ৯০০ গৰাকী যাত্ৰী আহত হৈছে । শনিবাৰে পুৱাই দুৰ্ঘটনাস্থলীত উপস্থিত হয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ (Railway Minister at Odisha)। মন্ত্ৰীগৰাকীয়ে আন আন জ্যেষ্ঠ বিষয়াসকলৰ সৈতে ৰে'ল দুৰ্ঘটনাৰ বুজ লয় ।

ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সংবাদমাধ্যমক জনোৱা মতে চৰকাৰে প্ৰথমে উদ্ধাৰ আৰু সাহায্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । জিলা প্ৰশাসনৰ অনুমোদনৰ পাছতে পুনৰুদ্ধাৰ আৰম্ভ হ'ব । ইফালে এই দুৰ্ঘটনাক লৈ এক বিতং উচ্চ পৰ্যায়ৰ তদন্ত কৰা হ'ব আৰু ৰে'ল সুৰক্ষা আয়ুক্তইও এক স্বতন্ত্ৰ তদন্ত কৰিব বুলি ঘোষণা কৰে ৰে'ল মন্ত্ৰীগৰাকীয়ে (Railway Minister announces high level inquiry)।

ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে দুৰ্ঘটনাটো দুৰ্ভাগ্যজনক আৰু ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে তেওঁ বিভাগৰ তৰফৰ পৰা সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে লগতে উদ্ধাৰ অভিযানো আৰম্ভ কৰা হৈছে । ইফালে, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানেও পশ্চিমবংগৰ কলকাতা ভ্ৰমণ বাতিল কৰি ওড়িশাৰ বালাচোৰ অভিমুখে ৰাওনা হৈছে ।

ৰে'লৱেৰ মুখপাত্ৰ অমিতাভ শৰ্মাৰ মতে শুকুৰবাৰে সন্ধিয়া এই দুৰ্ঘটনাটো সংঘটিত হয় । সন্ধিয়া প্ৰায় ৭ বজাত শালিমাৰ-চেন্নাই ক'ৰ'মণ্ডল এক্সপ্ৰেছৰ ১০-১২ টা ডবা বালাচোৰৰ ওচৰত এখন মালবাহী ৰে'লত খুন্দা মৰাৰ পিচত লাইনচ্যুত হৈ বিপৰীত পথত বাগৰি পৰে । কিছু সময়ৰ পাছত যশৱন্তপুৰৰ পৰা হাওৰালৈ যোৱা আন এখন ৰে'ল সেই লাইনচ্যুত ডবাবোৰত খুন্দা মাৰে যাৰ ফলত ইয়াৰ ৩-৪ টা ডবা লাইনচ্যুত হয় ।

ইয়াৰ পাছতে আন ক'ৰ'মণ্ডল এক্সপ্ৰেছৰ চাৰিটা দবা লাইনচ্যুত হয় ৷ এই ৰে'ল দুৰ্ঘটনাৰ পাছতে এতিয়া দেশজুৰি শোকৰ ছাঁ পৰিছে । নিহতৰ পৰিয়ালৰ মাজত একপ্ৰকাৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :Odisha train derailment update : ওড়িশাৰ ৰে’ল দুৰ্ঘটনাত 233 জন নিহত, আহত 900

ABOUT THE AUTHOR

...view details