নেশ্যনেল ডেস্ক,২৩ জুন : এতিয়াও উন্নত হোৱা নাই মণিপুৰৰ পৰিস্থিতি । প্ৰায় প্ৰতিদিনে নতুন নতুন হিংসাত্মক ঘটনা সংঘটিত হোৱা দেখা গৈছে । বিভিন্ন স্থানত নিৰাপত্তা বাহিনী আৰু উগ্ৰপন্থী লগতে দুৰ্বৃত্তৰ মাজত সংঘৰ্ষ হোৱা দেখা গৈছে ।
ইয়াৰ মাজতে মণিপুৰৰ ইম্ফল পূব জিলাত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । সশস্ত্ৰ লোকৰ এটা দলে উৰাংপত আৰু গোৱালতাবি গাঁৱৰ ফালে লক্ষ্য কৰি গুলীচালনা কৰে । য়াইংগাংপোকপিৰ পৰা গোপনে অঞ্চলটোত প্ৰৱেশ কৰে আৰু শুকুৰবাৰে আবেলি পাহাৰৰ ফালে আগবাঢ়ি আহি অস্ত্ৰ শস্ত্ৰ লৈ অহা দলটোৱে গুলীচালনা কৰে । ইতিমধ্যে গাঁও কেইখনৰ পৰা গাঁওবাসী পলায়ন কৰিছিল । তথাপিও গাঁও কেইখনত তাৎক্ষণিকভাৱে নিৰাপত্তা বাহিনী মোতায়েন কৰা হয় আৰু যিকোনো ক্ষতি পৰিহাৰ কৰিবলৈ সতৰ্কতাৰে ব্যৱস্থা গ্ৰহণ কৰা হয় । অৱশ্যে, ৱাইকেপিআই আৰু চেইজাং অঞ্চলত মহিলাৰ এটা বৃহৎ দলে অঞ্চলটোত অতিৰিক্ত নিৰাপত্তা বাহিনীৰ চলাচল প্ৰতিহত কৰা দেখা গৈছিল ।
ইফালে বৃহস্পতিবাৰে পুৱা প্ৰায় ৫ মান বজাত ইম্ফল পশ্চিম জিলাৰ উত্তৰ বোলজাঙত অজ্ঞাত বন্দুকধাৰীয়ে গুলী চালনা কৰাৰ ফলত দুগৰাকী সৈনিক আহত হয় । আনহাতে নিৰাপত্তা বাহিনীৰ প্ৰাৰম্ভিক তালাচী অভিযানৰ সময়ত এটা আইএনএছএএছ লাইট মেচিনগান আৰু এটা আইএনএছএএছ ৰাইফল উদ্ধাৰ কৰা হয় । বুধবাৰে সন্ধিয়া প্ৰায় ৫.৪৫ বজাত ৱাইকেপিআইৰ উত্তৰে উৰাংপতৰ ওচৰত সৰু অস্ত্ৰৰ দ্বাৰা গুলীবৰ্ষণ কৰা শব্দও শুনা গৈছিল ।
উল্লেখ্য যে উত্তৰ-পূবৰ ৰাজ্যখনত এতিয়ালৈকে সংঘটিত জাতিগত হিংসাত ১০০ ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে । মণিপুৰ চৰকাৰ তথা প্ৰশাসনে ৰাজ্যবাসীক শান্তি শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনাইছে । অৱশ্যে ৰাজ্যখনত ১ মাহ অতিক্ৰম কৰাৰ পাছতো পৰিস্থিতি উন্নত হোৱা নাই । মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষৰ পাছৰে পৰা ৰাজ্যখনত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক :Militants killed in Kupwara : কুপৱাৰাৰ মাচাল চেক্টৰত ৪ সন্ত্ৰাসবাদী নিহত