নেশ্যনেল ডেস্ক,১৮ জুন :আজি বিশ্বজুৰি পালন কৰা হৈছে পিতৃ দিৱসৰ । পিতৃসকলক সন্মান জনোৱাৰ উদ্দেশ্যে পালন কৰা এই বিশেষ দিনটোতে চৰ্চালৈ আহিছে চুৰাটৰ এগৰাকী ব্যক্তি । ফুটপাথত অতি সাধাৰণ এখন চাহৰ দোকান দি পৰিয়াল পোহপাল দিয়া লোকজনৰ তিনিওগৰাকী কন্যাই আজি ৰাষ্ট্ৰীয় প্ৰেক্ষপটত উজলিছে । ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু হিচাপে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে লোকজনৰ কন্যা সন্তানকেইগৰাকীয়ে । পিতৃৰ সংগ্ৰাম আৰু কঠোৰ পৰিশ্ৰমৰ বাবে আজি দেশত সৃষ্টি হৈছে তিনিগৰাকী মল্লযুঁজাৰুৰ ।
দিনদোলীত বাস কৰা চৰ্চিত লোকজন হৈছে ৰামলখন ৰায়কৱাৰ । উধানা ঔদ্যোগিক এলেকাত এখন ঠেলা চাহ-বিস্কুট বিক্ৰী কৰি পৰিয়ালটো পোহপাল দিছে ৰামলখনে । ৰামলাখনৰ তিনিগৰাকী কন্যা সন্তানক এই সৰু দোকানখন চলাইছে ডাঙৰ দীঘল কৰিছে । আজি তেওঁৰ তিনিওগৰাকী কন্যা ক্ৰমে নীলম, সোনো আৰু মনুৱে মল্লযুঁজৰ জৰিয়তে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিছে । পিতৃ হিচাপে ৰামলখন আজি গৌৰৱান্বিত । কেৱল পিতৃৰে নহয় মাতৃৰো দায়িত্ব পালন কৰিছে ৰামলখনে ।
কঠোৰ সংগ্ৰাম কৰিয়ে ৰামলখনে কন্যাই দেখা সপোনটো পূৰণ কৰিছে । ৰামলাখনৰ এজন পুত্ৰও আছে । ৰামলাখনৰ কন্যা মনু ৰায়কৱাৰ এগৰাকী ৰাষ্ট্ৰীয় খেলুৱৈ । মনু আৰু সোনোৱেও ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত কেইবাটাও সোণৰ পদক অৰ্জন কৰিছে ।