নেশ্যনেল ডেস্ক, ১৬ জুন: কেন্দ্ৰীয় চৰকাৰে(Central Government) প্ৰণয়ন কৰা তিনিখন বিতৰ্কিত কৃষি আইন(FARM LAWS)ৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে কৃষকসকলে । এনে সময়তে হাৰিয়ানাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা । মঙলবাৰে নিশা হাৰিয়ানাৰ জিন্দ জিলাৰ প্ৰতিবাদস্থলীত এগৰাকী কৃষকে আত্মহত্যা(Suicide) কৰে ।
জিলে সিং নামৰ কৃষকগৰাকীয়ে কেইবামাহো ধৰি খাটকাৰ টোল প্লাজাৰ প্ৰতিবাদস্থলী(PROTEST SITE)ত থকা কৃষকসকলক খাদ্য যোগান ধৰাৰ কামৰে জড়িত হৈ আছিল । প্ৰতিবাদস্থলীত থকা কৃষকসকলে আৰক্ষীক জনোৱা মতে, তিনিটা সন্তানৰ পিতৃ সিঙে বিগত কেই দিনমান ধৰি প্ৰতিবাদৰ পৰিণতি কি হ'ব চিন্তা কৰি হতাশ হৈ পৰিছিল ।