অসম

assam

ETV Bharat / bharat

গৰাকীৰ জীৱন ৰক্ষা কৰিবলৈ গৈ মৃত্যু পোহনীয়া কুকুৰৰ - গৰাকীৰ জীৱন ৰক্ষা কৰিবলৈ গৈ মৃত্যু হ’ল পোহনীয়া কুকুৰৰ

কল্লান্না গৌড়া নামৰ লোকজনৰ পোহনীয়া কুকুৰটোৱে এডাল বিষাক্ত সাপৰ সৈতে যুঁজ দি গৰাকীৰ জীৱন ৰক্ষা কৰে ৷ কল্লান্না গৌড়াই 9 বছৰ পূৰ্বে পুহিবলৈ আনিছিল ৰাজা নামৰ কুকুৰটো ৷ ৰাজাই বিগত 9 টা বছৰে কল্লান্না গৌড়াৰ ফাৰ্ম হাউচত পহৰা দি আহিছিল ৷

A Dog sacrifices his life for save a owners Life
গৰাকীৰ জীৱন ৰক্ষা কৰিবলৈ গৈ মৃত্যু হ’ল পোহনীয়া কুকুৰৰ

By

Published : Mar 1, 2021, 1:49 PM IST

নিউজ ডেস্ক,1 মাৰ্চ: প্ৰভু ভক্ত কুকুৰে নিজৰ প্ৰাণ সংকটত পেলাই গৰাকীৰ জীৱন ৰক্ষা কৰা বহুতো উদাহৰণ আছে ৷ এনে এক অনুৰূপ ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ বিজয়পুৰা জিলাত ৷

কল্লান্না গৌড়া নামৰ লোকজনৰ পোহনীয়া কুকুৰটোৱে এডাল বিষাক্ত সাপৰ সৈতে যুঁজ দি গৰাকীৰ জীৱন ৰক্ষা কৰে ৷ কল্লান্না গৌড়াই 9 বছৰ পূৰ্বে পুহিবলৈ আনিছিল ৰাজা নামৰ কুকুৰটো ৷ ৰাজাই বিগত 9 টা বছৰে কল্লান্না গৌড়াৰ ফাৰ্ম হাউচটো পহৰা দি আহিছিল ৷

উল্লেখ্য যে, 5 মাহ পূৰ্বেও সাপৰ আক্ৰমণৰ পৰা গৰাকী কল্লান্না গৌড়াক ৰক্ষা কৰিছিল ৰাজাই ৷ সেই অনুৰূপ ঘটনা পুনৰ সংঘটিত হয় দুদিনপূৰ্বে ৷ কল্লান্নাই ঘৰত ট্ৰেক্টৰেৰে কাম কৰি থকাৰ সময়তে ট্ৰেক্টৰত এডাল 6 ফুট দৈৰ্ঘৰ সাপ আছিল ৷ সাপডাল নেদেখাকৈ ট্ৰেক্টৰ চলাবলৈ উদ্যত হোৱা কল্লান্নাক দেখি ৰাজাই সাপডালক আক্ৰমণ কৰে ৷ কিন্তু সৰ্পদংশনত ৰাজাৰ মৃত্যু ঘটে ৷

লগতে পঢ়ক-হোৱাটছ এপৰ নতুন গোপনীয়তা নীতি: আজি শুনানি গ্ৰহণ দিল্লী উচ্চ ন্যায়ালয়ৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details