অসম

assam

ETV Bharat / bharat

Devotee walks 360km with a calf : ভীষ্মক লগত লৈ শ্ৰেয়াছৰ ৩৬০ কিলোমিটাৰৰ যাত্ৰা - Devotee walks 360km to offer calf to Dharmasthala

কৰ্ণাটকৰ ধৰ্মস্থললৈ এটা গৰু পোৱালিৰ সৈতে যাত্ৰা কৰিছে এজন যুৱকে (Devotee walks 360km with a calf)। ৩৬ দিনত ৩৬০ কিলোমিটাৰ অতিক্ৰম কৰিছে তেওঁলোকে । অৱশেষত ধৰ্মস্থলত উপস্থিত হৈ ভক্তজনে ধৰ্মস্থলৰ প্ৰশাসক দান দিলে মৰমৰ গৰু পোৱালিটো ।

Devotee walks 360km with a calf
শ্ৰেয়াছ আৰু ভীষ্মৰ ৩৬০ কিলোমিটাৰৰ এক বিশেষ যাত্ৰা

By

Published : Nov 13, 2022, 11:23 AM IST

নেশ্যনেল ডেস্ক,১৩ নৱেম্বৰ :শ্ৰেয়াছ আৰু ভীষ্মৰ এক দীঘলীয়া যাত্ৰা । ৩৬ দিন ধৰি দুয়ো খোজকাঢ়ি যাত্ৰা কৰিলে প্ৰায় ৩৬০ কিলোমিটাৰ । মঞ্জুনাথ স্বামীৰ ভক্তই জিগানীৰ পৰা ধৰ্মস্থললৈ এই যাত্ৰা কৰিছে । যাত্ৰাৰ সময়ত তেওঁলোকে জিৰণি লৈছে ।

একেলগে হোটেলত ভাত খাইছে । কোনো কোনো লোকে আকৌ দুয়োকে আহাৰৰ যোগান ধৰিছে । দুয়োৰে এই যাত্ৰা এতিয়া সকলোৰে মুখে মুখে । তেওঁলোকৰ যাত্ৰাৰ সময়ৰ এক ভিডিঅ' সামাজিক মাধ্য়মত ভাইৰেল হৈ পৰিছে । ভিডিঅ'টো ভাইৰেল হোৱাৰ একমাত্ৰ কাৰণ হৈছে শ্ৰেয়াছৰ সৈতে যাত্ৰাটোত থকা ভীষ্ম আচলতে এটা গৰু পোৱালি (Devotee walks 360km with a calf)।

শ্ৰেয়াছ আৰু ভীষ্মৰ ৩৬০ কিলোমিটাৰৰ এক বিশেষ যাত্ৰা

শ্ৰেয়াছ ধৰ্মস্থলৰ মঞ্জুনাথ স্বামীৰ এজন ভক্ত । শ্ৰেয়াছ জৈনৰ ঘৰ চিক্কামাগালুৰু জিলাৰ কালাচাৰ হাইৰেবেইলত । মহামাৰীৰ সময়ত, শ্ৰেয়াছে দুগ্ধ পালন আৰম্ভ কৰিছিল আৰু থলুৱা গিৰ প্ৰজাতিৰ এটা গৰু পালন কৰিছিল । তাৰ পাছত তেওঁ পবিত্ৰ স্থান ধৰ্মস্থললৈ গৰুৰ প্ৰথম নৈবেদ্য আগবঢ়োৱাৰ সিদ্ধান্ত লৈছিল । যাৰ বাবে শ্ৰেয়াছে গৰু পোৱালীটোৰ সৈতে ৩৬০ কিলোমিটাৰ খোজ কাঢ়ি ধৰ্মস্থানলৈ যোৱাৰ সিদ্ধান্ত লৈছিল ।

ভীষ্ম নামৰ এই পোৱালীটোৰ সৈতে তেওঁ ৩৬ দিনত ৩৬০ কিলোমিটাৰ অতিক্ৰম কৰাৰ পিছত ধৰ্মস্থলত উপস্থিত হৈছিল । তেওঁ ধৰ্মস্থলৰ প্ৰশাসক বীৰেন্দ্ৰ হেগাডেকো তেওঁৰ মৰমৰ গৰু পোৱালীটো আগবঢ়াইছিল (Devotee walks 360km to offer calf to Dharmasthala)।

এছডিএম প্ৰতিষ্ঠানৰ প্ৰাক্তন শিক্ষাৰ্থী শ্ৰেয়াছ জৈনে বৰ্তমান দুগ্ধ পালনৰ লগতে বেংগালুৰুৰ এটা কোম্পানীৰ হৈয়ে কাম কৰে । জিগানীৰ পৰা ধৰ্মস্থলালৈ যাত্ৰাৰ সময়ত, তেওঁ কোনো ছুটি লোৱা নাছিল আৰু দূৰৱৰ্তী অঞ্চলৰ পৰাই কাম কৰি আছিল । গৰু পোৱালীটোৰ সৈতে পুৱা খোজ কাঢ়ি যাত্ৰা কৰা পাছত তেওঁ কাৰ্যালয়ৰ কাম কৰিছিল আৰু তাৰ পাছত সন্ধিয়া পদযাত্ৰা অব্যাহত ৰাখিছিল ।

বহুলোকে তেওঁক আৰু গৰু পোৱালীটোৰ বাবে আহাৰ যোগান ধৰিছিল । শ্ৰেয়াছে যাত্ৰাৰ সময়ত মাত্ৰ ১,০০০ টকা খৰচ কৰিছে । ইফালে প্ৰকৃতিপ্ৰেমী শ্ৰেয়াছে যাত্ৰাৰ সময়ত প্ৰতিখন গাঁৱতে গৰু পোৱালীটোৰ স্বাস্থ্য পৰীক্ষা কৰাইছিল আৰু ভীষ্ম স্বাস্থ্যৱান হোৱাটো তেওঁ নিশ্চিত কৰিছিল । যুৱকজনৰ এই ভিডিঅ'টো ভাইৰেল হৈ পৰাৰ লগে লগে বিভিন্নজনে তেওঁক প্ৰশংসা কৰিছে ।

লগতে পঢ়ক :Good news for Haj pilgrims: ভাৰতৰ হজ যাত্ৰীৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details