নিউজ ডেস্ক, ২২ জুন : পাটনাত অনুষ্ঠিত হ'বলগীয়া বিৰোধীৰ গুৰুত্বপূৰ্ণ বৈঠকৰ বাবে মাজত মাত্ৰ এটা দিন বাকী আছে । তেনে অৱস্থাত লোকসভা নিৰ্বাচনৰ পূৰ্বে অনা-বিজেপি নেতাসকলে কিন্তু এতিয়াও উমৈহতীয়া ন্যূনতম কাৰ্যসূচীৰ ওপৰত এক সহমতত উপনীত হোৱাৰ পৰা বহু দূৰৈত থকা দেখা গৈছে ।
যদিও কংগ্ৰেছে যিমান সম্ভৱ সিমানখন আসনত বিজেপিৰ বিৰুদ্ধে এজন উমৈহতীয়া প্ৰাৰ্থী থিয় কৰোৱাৰ বাবে সহমত সৃষ্টিৰ বাবে সাজু হৈ আছে, কিন্তু এই ক্ষেত্ৰত আঞ্চলিক দলবোৰে তেওঁলোকৰ নিজৰ লাভালাভ বিচৰাত ব্যস্ত হৈ আছে । যাৰ ফলত সংসদীয় নিৰ্বাচনত বিজেপিক দ্বি-মেৰু যুঁজত আবদ্ধ ৰাখিবলৈ সাধাৰণ সহমত গঢ়ি তোলাৰ পথত সকলোৰে আগ্ৰহৰ ক্ষেত্ৰত স্পষ্ট সংঘাত আহিব পাৰে ।
দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে দিল্লীত প্ৰশাসনিক সেৱাৰ নিয়ন্ত্ৰণ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা শেহতীয়া অধ্যাদেশ সন্দৰ্ভত আলোচনা আৰম্ভ কৰিবলৈ বিৰোধী নেতাসকললৈ পত্ৰ লিখাৰ পিছত এই বিভেদ স্পষ্ট হৈ পৰিছে । কংগ্ৰেছে এই ক্ষেত্ৰত কোনো প্ৰতিশ্ৰুতি প্ৰদান নকৰাৰ বাবে শুকুৰবাৰে পাটনাত অনুষ্ঠিত হ'বলগীয়া প্ৰথমখন বৈঠকত বিষয়টো কেন্দ্ৰীয় পৰ্যায়লৈ যাব পাৰে । আনহাতে, কেজৰিৱালেও কেইবাবাৰো কংগ্ৰেছৰ বিৰুদ্ধে সোচ্চাৰ হৈ আহিছে । শেহতীয়াকৈ দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজস্থানত আপৰ হৈ প্ৰচাৰ চলাই থকা সময়ত কংগ্ৰেছক মুকলিকৈ সমালোচনা কৰিছে ।
অৱশ্যে সমস্যাটো কেৱল কেজৰিৱালৰ লগতে নহয় । বৈঠকখন আয়োজন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়েও স্পষ্টকৈ কৈছে যে তেওঁ কংগ্ৰেছে নেতৃত্ব লোৱাটো নিবিচাৰে । সকলো নেতাতকৈ এদিন পূৰ্বে পাটনাত উপস্থিত হোৱা মমতা বেনাৰ্জীয়ে এইটোও স্পষ্ট কৰি দিছে যে যদি কংগ্ৰেছে পশ্চিমবংগত চিপিআই(এম)ৰ সৈতে হাত মিলায়, তেন্তে তৃণমূলে লোকসভাৰ যুঁজত কংগ্ৰেছক সহায় নকৰে ।
আৰু সমস্যা আছে । কে চন্দ্ৰশেখৰ ৰাওৰ নেতৃত্বত ভাৰত ৰাষ্ট্ৰ সমিতিয়ে (বিআৰএছ) আগন্তুক বৈঠকত উপস্থিত থকাৰ সম্ভাৱনা নাই । দলটোৰ সিদ্ধান্ত হৈছে বিজেপি আৰু কংগ্ৰেছ দুয়োৰে পৰা সমান দূৰত্ব বজাই ৰখাটো । কিয়নো তেলেংগানাৰ আগন্তুক বিধানসভা নিৰ্বাচনত দল দুটাক প্ৰতিদ্বন্দ্বী বুলি গণ্য কৰা হৈছে । বিআৰএছ নেতাসকলে যুক্তি দিছে যে ৰাজ্যিক নিৰ্বাচনৰ সময়তো সমৰ্থন আৰু সহযোগিতা বৃদ্ধি কৰিব লাগে; অন্যথা এনে ঐক্যৰ উদ্দেশ্য কমি যাব ।