নেশ্যনেল ডেস্ক,২৭ এপ্ৰিল :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে কেৰালাৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু মটৰ পৰিবহন বিভাগৰ ওচৰত অভিযোগ (Complaint against PM Modi)। কোচিত প্ৰধানমন্ত্ৰীৰ ৰোড শ্ব' সন্দৰ্ভত এই অভিযোগ দাখিল কৰা হৈছে । জয়কৃষ্ণন নামৰ ত্ৰিচুৰৰ এগৰাকী বাসিন্দাই ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান অনিলকান্ত আৰু যান-বাহন বিভাগৰ ওচৰত অভিযোগ দাখিল কৰিছে (Kerala man filed complaint against PM Modi)।
লোকজনে অভিযোগ কৰা মতে ৰোড শ্ব'ৰ সময়ত বাহনখনৰ দুৱাৰত ওলমি থকা প্ৰধানমন্ত্ৰীয়ে যান-বাহন আইন উলংঘন কৰিছে । লগতে বাহনখনৰ সন্মুখৰ আইনাত ফুল ছটিয়াই চালকক অসুবিধা প্ৰদান কৰা বুলিও তেওঁ অভিযোগ কৰিছে । জয়কৃষ্ণনে অভিযোগটোত কৈছে যে সকলোৱে আইন অনুসৰণ কৰিবলৈ বাধ্য আৰু সকলোৱে ইয়াক অনুসৰণ কৰা উচিত (Complaint regarding PM Modi road show)।
জয়কৃষ্ণনে ২৬ এপ্ৰিলত এই অভিযোগ দাখিল কৰিছে । যিহেতু প্ৰধানমন্ত্ৰীয়ে ২৪ এপ্ৰিলত 'যুৱম' শীৰ্ষক অনুষ্ঠানত অংশ লোৱাৰ উপৰিও বন্দে ভাৰত ৰে'ল সেৱা, ৱাটাৰ মেট্ৰ' , ডিজিটেল চাইন্স পাৰ্ক আদিৰ দৰে বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰিবলৈ কোচিত উপস্থিত হৈছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৰোড শ্ব' 'যুৱম' অনুষ্ঠানৰ পূৰ্বে অনুষ্ঠিত হৈছিল । ৰোড শ্ব'ৰ সময়ত, তেওঁ চৰকাৰী বাহনখনৰ সন্মুখৰ দুৱাৰত ওলমি আছিল আৰু ৰাস্তাৰ দুয়োফালে সমবেত হোৱা লোকসকলক অভিবাদন জনাইছিল ।