নেশ্যনেল ডেস্ক,৫ এপ্ৰিল :হায়দৰাবাদ আৰক্ষীৰ বৃহৎ সফলতা । দীৰ্ঘদিন ধৰি পলাতক এটা গভাইত চোৰক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী (Most wanted thief arrested in Hyderabad)। চোৰটোৰ বিৰুদ্ধে বিভিন্ন থানাত মুঠ ৪৩ টা গোচৰ ৰুজু হৈ আছিল । আৰক্ষীৰ চকুত ধুলি দি বিভিন্ন স্থানত লুটপাত কৰি আছিল চোৰটোৱে । অৱশেষত বনস্থলীপুৰমত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চোৰটোক ।
হায়দৰাবাদৰ ৰাচাকোণ্ডা আৰক্ষী আয়ুক্ত মহেশ ভাগৱতে জনোৱা মতে চোৰটো অন্ধ্ৰপ্ৰদেশৰ গুন্টুৰ জিলাৰ পিডুগুৰাল্লাৰ গান্ধীনগৰৰ মুচু আম্বেদকাৰ ওৰফে ৰাজু ওৰফে কান্দুলা ৰাজেন্দ্ৰ প্ৰসাদ । পেচাত চোৰটো ইলেক্ট্ৰিচিয়ান আছিল । তাৰ সমান্তৰালকৈ ১৯৮৯ চনৰ পৰাই তেওঁ হায়দৰাবাদ, কৰ্ণাটক আদিত সংঘটিত বহুতো চুৰিকাণ্ডত জড়িত আছিল ।
ইয়াৰ পূৰ্বে ১৯৯১ চনত লালাগুড়া আৰক্ষীয়ে মুচুক গ্ৰেপ্তাৰ কৰিছিল । তেতিয়াই হায়দৰাবাদত তেওঁৰ বিৰুদ্ধে প্ৰায় ২১ টা গোচৰ ৰুজু হৈছিল (21 cases registered against Muchu in Hyderabad)। কিন্তু স্বভাৱ সলনি নহ'ল মুচুৰ । কাৰাগাৰৰ পৰা ওলাই পুনৰ চুৰি কাৰ্যত জড়িত হৈ পৰিল মুচু ।