নেশ্যনেল ডেস্ক, ৪ মাৰ্চ: অন্ধ্ৰ প্ৰদেশৰ গুণ্টুৰৰ কৰ্কট ৰোগত আক্ৰান্ত এটি শিশুৰ মনৰ আশা পূৰণ কৰিলে গুণ্টুৰৰ আৰক্ষী অধীক্ষক আৰ এন এম্মীৰেড্ডীয়ে । এগৰাকী সুদক্ষ আৰক্ষী বিষয়া হোৱাৰ আশা মনত পুহি ৰাখিছিল কণমানি শ্বেইখে । শিশুটিক নিজৰ আসনত বহিবলৈ দি সপোন পূৰণ কৰিলে আৰক্ষী অধীক্ষক আৰ এন এম্মীৰেড্ডীয়ে ।
এদিনৰ বাবে আৰক্ষীৰ পদত কণমানি শ্বেইখ
অৱশেষত সপোন পূৰণ হ'ল অন্ধ্ৰ প্ৰদেশৰ গুণ্টুৰৰ শ্বেইখ ৰেহালৰ । আৰক্ষী বিষয়া হোৱাৰ সপোন আছিল কৰ্কট ৰোগত আক্ৰান্ত কণমানি শ্বেইখৰ । শিশুটিক নিজৰ আসনত কিছু সময়ৰ বাবে বহিবলৈ দি আশা পূৰণ কৰিলে গুণ্টুৰৰ আৰক্ষী অধীক্ষক আৰ এন এম্মীৰেড্ডীয়ে ।
কৰ্কট ৰোগত আক্ৰান্ত শিশুৰ সপোন পূৰণ কৰিলে গুণ্টুৰৰ আৰক্ষী অধীক্ষকে
আনহাতে, ৰোগাক্ৰান্ত পুত্ৰৰ মনৰ আশা পূৰণ কৰাৰ বাবে শ্বেইখৰ পিতৃ নৱেল চন্দ আৰু মাতৃ বিবি নুৰজাহানে আৰক্ষী অধীক্ষক গৰাকীক ধন্যবাদ জ্ঞাপন কৰিছে ।
লগতে পঢ়ক: ডিগবৈ সমষ্টিবাসীৰ মনৰ কথাৰে জনতাৰ কণ্ঠ